‘মোডীৰ সেনা’ বুলি কৈ বিপদত যোগী আদিত্যনাথ, নিৰ্বাচন আয়োগৰ জাননী উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীলৈ

‘মোডীৰ সেনা’ বুলি কৈ বিপদত যোগী আদিত্যনাথ, নিৰ্বাচন আয়োগৰ জাননী উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীলৈ

ডিজিটেল ডেস্কঃ নিৰ্বাচনী প্ৰচাৰ চলাই ভাৰতীয় সেনাক 'মোডীৰ সেনা' আখ্যা দিয়া উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথলৈ নিৰ্বাচন আয়োগে অৱশেষত জাননী প্ৰেৰণ কৰিছে। এই সন্দৰ্ভত আয়োগে মুখ্যমন্ত্ৰীগৰাকীৰ পৰা প্ৰত্যুত্তৰ বিচাৰিছে।

উল্লেখ্য যে, গাজিয়াবাদত নিৰ্বাচনী প্ৰচাৰ চলাই এক জনসভাত যোগী আদিত্যনাথে কংগ্ৰেছক আক্ৰমণ কৰিবলৈ গৈ বাৰে বাৰে 'মোডীৰ সেনা' বুলি উচ্চাৰণ কৰিছিল। ইয়াৰ পিছতে বিৰোধী কংগ্ৰেছৰ লগতে ভাৰতীয় নৌ সেনাৰ অৱসৰপ্ৰাপ্ত সেনাপ্ৰধানে মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি ভংগ কৰাৰ অভিযোগ উত্থাপন কৰি নিৰ্বাচন আয়োগৰ কাষ চাপিছিল।

তাৰ পাছতে নিৰ্বাচন আয়োগে যোগী আদিত্যনাথৰ ভাষণ পৰীক্ষা কৰি উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীলৈ জাননী প্ৰেৰণ কৰে। নিৰ্বাচন আয়োগে অহা ৫ এপ্ৰিলৰ ভিতৰত এই সন্দৰ্ভত উত্তৰ দিবলৈ নিৰ্দেশ দিছে যোগী আদিত্যনাথক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in