শেহতীয়া খবৰ
ধুবুৰীৰ কোৰোনাত আক্ৰান্ত লোকজনৰ পৰিচয়, কৰ পৰা কেতিয়া ক'লৈ গৈছিল...  •  দৰিদ্ৰ পৰিয়ালক সহায়ৰ হাত বক্সাৰ লাভলিনা বৰগোঁহাইৰ...  •  পুৰণিগুদামত দৰিদ্ৰজনৰ কাষত আৰক্ষী বিষয়া,সামাজিক সংগঠন...  •  COVID-19ত আক্ৰান্ত হৈ ৭৩ সহস্ৰাধিক লোকৰ মৃত্যু, পঢ়ক সবিশেষ তথ্য...  •  COVID-19ত আক্ৰান্ত হৈ ৭৩ সহস্ৰাধিক লোকৰ মৃত্যু, পঢ়ক সবিশেষ তথ্য...  •  হাতত পাকিস্তানৰ চিপছ লৈ ভাৰতত সোমাইছিল পাক সন্ত্ৰাসবাদী...  •  যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে বিধায়ক আমিনুল ইছলাম!  •  বাৰে বাৰে কাৰাগাৰলৈ কিয় অখিল গগৈক...  •  লকডাউনৰ সময়ত মানসিক অস্থিৰতা, অৱসাদত ভোগা লোকক সহায় কৰিবলৈ আগবাঢ়ি আহিছে অসম আৰক্ষী...  •  যোৱা ২৪ ঘণ্টাত দিল্লীত COVID-19ত ২০জন লোক আক্ৰান্ত, ১জনৰ মৃত্যুঃ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল...

টিকটৰ সৈতে ৰঙা গোলাপঃ ভালপোৱাৰ বিশেষ দিনটোত এইদৰেই আৰম্ভ হ’ল ইষ্ট-ৱেষ্ট মেট্ৰ’ৰ যাত্ৰা

282

ডিজিটেল ডেস্কঃ শুকুৰবাৰৰ পৰা সাধাৰণ যাত্ৰীৰ বাবে মুকলি কৰি দিয়া হৈছে কলকতাৰ ইষ্ট-ৱেষ্ট মেট্ৰ’ ৰে’ল সেৱা। চল্টলেক চেক্টৰ-৫ৰ পৰা যুৱভাৰতী ষ্টেডিয়ামলৈ চলিবলগীয়া ইষ্ট-ৱেষ্ট মেট্ৰ’ ৰে’ল সেৱাৰ প্ৰথম দিনাৰ যাত্ৰাৰ আনন্দ ল’বলৈ শুকুৰবাৰে পুৱাই চল্টলেক মেট্ৰ’ ষ্টেছনত ভীৰ কৰে অগণন যাত্ৰীয়ে। উল্লেখ্য যে, বৃহস্পতিবাৰে এই মেট্ৰ’ সেৱাৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিছিল ৰে’লমন্ত্ৰী পীয়ুষ গোৱেলে।

শুকুৰবাৰে প্ৰেমৰ দিন ভেলেণ্টাইন ডে’। প্ৰেমৰ এই বিশেষ দিনটোতে ইষ্ট-ৱেষ্ট মেট্ৰ’ সেৱাৰ প্ৰথম যাত্ৰাৰ আনন্দ ল’বলৈ টিকট কৰাত উদ্দেশ্যে চল্টলেক ষ্টেছনত শাৰী পতা যাত্ৰীৰ বাবে এক বিশেষ উপহাৰৰ ব্যৱস্থা কৰিলে মেট্ৰ’ কৰ্তৃপক্ষই। যাত্ৰীসকলক টিকটৰ লগতে এটিকৈ ৰঙা গোলাপ হাঁহিমুখে হাতত তুলি দিলে মেট্ৰ’ কৰ্তৃপক্ষই।

ভালপোৱাৰ বিশেষ দিনটোত মেট্ৰ’ যাত্ৰা কৰিবলৈ গৈ এনেদৰে টিকটৰ সৈতে এটি ৰঙা গোলাপ উপহাৰ পাই উৎফুল্লিত হৈ পৰা দেখা যায় যাত্ৰীসকলক। ইফালে ইষ্ট-ৱেষ্ট মেট্ৰ ৰে’ল সেনাৰ নতুন নিৰাপত্তা ব্যৱস্থআ আৰু অন্যান্য সুবিধাসমূহেও এক সুন্দৰ যাত্ৰাৰ আমোদ দিলে সকলোকে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি