কিছু সময়ৰ পূৰ্বে অহা ভূমিকম্পৰ বিষয়ে জানক সবিশেষ

কিছু সময়ৰ পূৰ্বে অহা ভূমিকম্পৰ বিষয়ে জানক সবিশেষ

ডিজিটেল ডেস্কঃ মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত দুপৰীয়া ভাগত এক মৃদু ভূমিকম্পই জোকাৰি যায়। প্ৰাথমিকভাৱে অহা তথ্য অনুসৰি ৰিখটাৰ স্কেলত ইয়াৰ প্ৰাবল্য আছিল ৪.৪। শনিবাৰে দুপৰীয়া অনুভূত হোৱা ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল কামৰূপ মহানগৰ। গুৱাহাটীৰ পৰা দক্ষিণ পশ্চিম দিশত ৩১ কিলোমিটাৰ দূৰৈত এই অভিকেন্দ্ৰ আছিল বুলি জানিব পৰা গৈছে।

ভূ-পৃষ্ঠৰ পৰা ১০ কিলোমিটাক গভীৰতাত আছিল এই অভিকেন্দ্ৰ। ভূ-পৃষ্ঠৰ পৰা বেছি গভীৰতাত অভিকেন্দ্ৰ নোহোৱাৰ বাবেই ৪.৪ প্ৰাবল্যৰ এই ভূমিকম্পৰ কপনি মহানগৰবাসীয়ে বাৰুকৈয়ে অনুভূত কৰিলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in