ঢকুৱাখনা-ধেমাজি মূল পথ নিৰ্মাণত নামি পৰিল ই-ৰিক্সা চালক সন্থা… চাওঁক VIDEO

ঢকুৱাখনা-ধেমাজি মূল পথ নিৰ্মাণত নামি পৰিল ই-ৰিক্সা চালক সন্থা… চাওঁক VIDEO

ডিজিটেল সংবাদ, ঢকুৱাখনা: বছৰ বছৰ ধৰি বৃহত্তৰ ঢকুৱাখনাবাসী ৰাইজক যাতায়তৰ ক্ষেত্ৰত যমৰ যাতনা ভোগাই অহা ঢকুৱাখনা ধেমাজি মূল গড়কাপ্তানী পথটোৰ কথা আজিলৈকে কোনো এখন চৰকাৰে নাভাবিলে। প্ৰতিটো নিৰ্বাচনৰ আগে আগে ঢকুৱাখনা ধেমাজিৰ দুই গৰাকী জনপ্ৰতিনিধিয়ে পথটো উন্নয়নৰ আশ্বাস দিয়ে যদিও সেয়া ফুটুকাৰ ফেনত পৰিণত হয়।

এইক্ষেত্ৰত ঢকুৱাখনা ধেমাজিৰ লগতে বৰ্তমান ডিব্ৰুগড়লৈ আনকি মাজুলীবাসীৰো একমাত্ৰ যোগাযোগৰ এই মূল পথতো দেশ স্বাধীন হোৱাৰ ইমান বছৰৰ পাছতো দুইলেন যুক্ত পথলৈ উন্নীত নোহোৱাত লাখ লাখ জনসাধাৰণে প্ৰতিদিনে নৰক যন্ত্ৰণা ভুগিব লগা হৈছে। বহু বছৰৰ মূৰে মূৰে ঢকুৱাখনা চাৰিআলিৰ পৰা কিছু কিছু অংশ পুনঃনিৰ্মাণ কৰে যদিও দুদিনৰ পাছতে পথত সৃষ্টি হয় দ' গাত।

শেহতীয়াকৈ ঢকুৱাখনা গোগামুখ পথতোৰে ঘটাপৰা অংশত ডাঙৰ যানবাহনৰ চলাচল বন্ধ কৰি দিয়াত সকলোবোৰ বাহন চলাচলৰ একমাত্ৰ পথত পৰিণত হয় ঢকুৱাখনা ধেমাজি পথতো। আৰু বৃহৎ বৃহৎ শিল বালি কঢ়িওৱা ডাম্পাৰ সমূহৰ বাবেই এই নিম্নমানৰ পথটোত সৃষ্টি হয় পুখুৰী সদৃশ গাঁত। কিন্তু ইয়াত চকু দিবলৈ অলপো সময় নাই ঢকুৱাখনাৰ মহকুমা প্ৰশাসন, গৰকাপ্তানী বিভাগকে ধৰি মন্ত্ৰী নৱ দলেৰ বুলিও স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে।

ইফালে এইবোৰ কাৰণৰ বাবেই ঢকুৱাখনাৰ নাগৰিকৰ লগতে ইৰিক্সা চালক ব্যাপক সমস্যাৰ সন্মুখীন হব লগা হৈছে। ঢকুৱাখনা একাংশ শিক্ষিত যুৱক ইৰিক্সা চলোৱাত জড়িত হৈ আছে যদিও তেওঁলোকৰ কোনো অভিযোগ এইমুহূৰ্তলৈ গুৰুত্ব দিয়া নাই ঢকুৱাখনা প্ৰশাসনে। যাৰ বাবেই দেওবাৰে ঢকুৱাখনাৰ ই-ৰিক্সা চালক সন্থাৰ ফালৰ পৰা ঢকুৱাখনা ধেমাজি পথৰ হুজ গাঁও, মাজি গাঁও, মাণিকপুৰ, কমাৰ গাঁও, জিয়ামৰিয়া গাঁওকে ধৰি বিভিন্ন স্থানত হোৱা বৃহৎ গাত সমূহ শিল মাটি দি মেৰামতি কৰিবলৈ বাধ্য হয়।

উল্লেখযোগ্য যে, ঢকুৱাখনাৰ ভৌগলিক বিস্তৃতি উত্তৰৰ কঁঠালগুৰি অঞ্চললৈকে আছে যদিও বিধানসভা সমষ্টি হিচাপত ঢকুৱাখনাৰ দেউলিয়া গাঁৱৰ পৰাই ধেমাজি সমষ্টি পৰে। যাৰ বাবেই ঢকুৱাখনা আৰু ধেমাজিৰ কোনো এগৰাকী বিধায়কে আজিলৈকে এই মূল পথতোৰ বাবে বিশেষ পদক্ষেপ লোৱা নাই। যাৰ ফল ভোগ কৰিব লগা হৈছে সৰ্বসাধাৰণ ৰাইজে।।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in