আজি মহাষ্টমী! ফৰকাল পৰিৱেশত হিলদ’ল ভাঙি পূজাৰ থলীলৈ উৎসৱপ্ৰেমী

আজি মহাষ্টমী! ফৰকাল পৰিৱেশত হিলদ’ল ভাঙি পূজাৰ থলীলৈ উৎসৱপ্ৰেমী

ডিজিটেল ডেস্কঃ সৰ্বস্তৰৰ জনগণৰ মন প্ৰাণ পুলকিত কৰা মধুময় শৰতৰ নান্দনিক পৰিৱেশ, অবিৰত দেৱী বন্দনাৰে এতিয়া মুখৰ হৈ পৰিছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ আকাশ বতাহ। প্ৰান্তে প্ৰান্তে এতিয়া কেৱল শাৰদীয় দুৰ্গোৎসৱৰ মধুৰ আলোড়ন। মণ্ডপে মণ্ডপে গুঞ্জৰিত হৈছে সৰ্ব্বোত্তৰ মাতৃস্বৰূপিনী দেৱী দুৰ্গাৰ জয়ধ্বনি, মংগলধ্বনি আৰু শংখ-ঘণ্টা-ঢাক-ঢোলৰ ঐক্যতা।

শাৰদীয় বতৰৰ নিয়ম মানিয়েই ফৰকাল বতৰৰ আকাশত হিলদ'ল ভাঙি ওলাই আহিছে ভক্তিপ্ৰাণ তথা উৎসৱপ্ৰেমী জনগণ। সপ্তমী পূজা উপলক্ষ্যে শনিবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখা গ'ল ভক্তৰ দীঘলীয়া শাৰী। আজি মহাষ্টমী। বিশিষ্ট জ্যোতিষী পুলিন চন্দ্ৰ দেৱ শৰ্মাই জনোৱা মতে, দেওবাৰৰ পুৱা ৯ বাজি ১৪ মিনিট ৩২ ছেকেণ্ড যোৱাৰ পাছত আৰম্ভ হ'ব মহাষ্টমী কল্পাৰম্ভ আৰু মহাষ্টমী বিহিত পূজা।

আজিৰ দিনটোত মহাগৌৰীৰূপত দেৱীলৈ আগবঢ়োৱা হ'ব ষোড়শ প্ৰচাৰ আৰধনা। ধৰ্মীয় বিশ্বাস অনুসৰি মহাষ্টমী আৰু নৱমীৰ সন্ধিক্ষণত দেৱীলৈ বলি আগবঢ়াই ৰাৱণ নিধনৰ সংকল্প লৈ দেৱীৰ আশীৰ্বাদ বিচাৰিছিল ভগৱান শ্ৰী ৰামচন্দ্ৰই। মহাষ্টমী উপলক্ষ্যে বিভিন্ন দেৱালয়ত সম্পন্ন হ'ব একাধিক ম'হবলি। ঢকুৱাখনাৰ হাৰ্হি দেৱালয়ত তিনিটা ম'হ দেৱীলৈ আগবঢ়োৱাৰ প্ৰস্তুতি চলোৱাৰ বাতৰি পোৱা গৈছে।

লক্ষিমপুৰৰ পঞ্চানন দেৱালয়ত সম্পন্ন হ'ব শতাধিক ছাগলীৰ লগতে অন্যান্য বলি আৰু উচৰ্গা। চিলাপথাৰৰ মালিনী থানতো হাঁহ, পাৰ, ছাগলী আদিৰ লগতে হ'ব ম'হবলি। ইফালে অষ্টমীৰ সৈতে সংগতি ৰাখি ডিমৌৰ ডিজমুৰ আইমাতৃ থান, চিলি বমজেৰ তামেশ্বৰী আই থান আদিতো বিভিন্ন প্ৰকাৰৰ বলি আগবঢ়োৱা হ'ব দেৱীলৈ।

প্ৰাপ্ত খবৰ অনুসৰি মহানৱমীৰ দিনাহে কামাখ্যাত প্ৰায় ৭টা ম'হ বলি দিয়াৰ লগতে উগ্ৰতাৰা দেৱালয়ত ৯টা ম'হ বলি। ইফালে বিল্লেশ্বৰ দেৱালয় মহানৱমী উপলক্ষ্যে ৪০টা ম'হ বলি আৰু উচৰ্গা হিচাপে দেৱীলৈ আগবঢ়োৱা হ'ব বুলি জানিব পৰা গৈছে। এইদৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত মহাষ্টমীক লৈ চলিছে ব্যাপক প্ৰস্তুতি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in