ৰাজ্যত বৃদ্ধি পাইছে নকল সোণৰ বেহা

ৰাজ্যত বৃদ্ধি পাইছে নকল সোণৰ বেহা

ডিজিটেল সংবাদ, তেজপুৰঃ বিশ্ববিদ্যালয়ত কাম কৰি থাকোতে সোণ পাইছোঁ আৰু কম দামতে সোণখিনি দিম বুলি আপোনালৈও তেজপুৰৰ পৰা ফোন যাব পাৰে। এই ফোন পাই যদি আপুনি সোণৰ লোভত পৰে তেন্তে আপুনি ঠগ খোৱাটো নিশ্চিত।

তেজপুৰৰ এই নকল সোণৰ চক্ৰটোৱে ইতিমধ্যে ৰাজ্যখনৰ লগতে অৰুণাচল, মণিপুৰ আদি বহিঃৰাজ্যৰ বহু লোকক নকল সোণ দি লাখ লাখ টকাৰ প্ৰৱঞ্চনা কৰিছে। কছাৰীগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া যুগল কলিতাৰ নেতৃত্বত এটা দলে দিকৰাইজানৰ আল্লালদ্দিন নামৰ এটা প্ৰৱঞ্চকক প্ৰায় ডেৰ কেজি নকল সোণ সহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

জানিব পৰা মতে, আল্লালদ্দিন নামৰ লোকজনে মণিপুৰৰ এজন লোকক সোণখিনি আঢ়ৈ লাখ টকাত বিক্ৰী কৰিছিল। প্ৰথম কিস্তিৰ ৫০ হেজাৰ টকা পৰিশোধ কৰি সোণখিনি নিয়াৰ পিছত মণিপুৰৰ লোকজনে পৰীক্ষা কৰাত জোলোঙাৰ মেকুৰী ওলাই পৰে। দ্বিতীয় কিস্তিৰ ধন পৰিশোধ কৰিবলৈ আহি আৰক্ষীৰ সহযোগত ধৃত আল্লালদ্দিক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in