ডুমডুমাত চুৰি কৰিবলৈ গৈ গণপ্ৰহাৰত মৃত্যু যুৱকৰ…

ডুমডুমাত চুৰি কৰিবলৈ গৈ গণপ্ৰহাৰত মৃত্যু যুৱকৰ…

ডিজিটেল ডেস্কঃ ডুমডুমা ৰ কাজঙা বৰপথাৰ গাঁৱত স্থানীয় লোকৰ আক্ৰমণত এজন যুৱকৰ মৃত্যু হয়। শুকুৰবাৰৰ নিশা দুজন যুৱকে এজন ব্যক্তিৰ ঘৰত প্ৰৱেশ কৰিছিল। স্থানীয় লোকৰ উদ্ধৃতিৰে আৰক্ষীয়ে জানিবলৈ দিয়া মতে, যুৱক দুজনে চুৰি কাৰ্য সম্পন্ন কৰাৰ উদ্দেশ্যে ব্যক্তিগৰাকীৰ ছাগলী ৰখা ঘৰত প্ৰৱেশ কৰিছিল।

সেই সময়তে ছাগলীয়ে চিঞৰাত গৃহস্থই হুলস্থূল কৰে। ইয়াৰ পাছতেই চোৰ চোৰ বুলি চিঞৰাত ওচৰৰ গাঁওবাসী ওলাই আহে। যুৱক কেইজনে পলাই সাৰিবলৈ চেষ্টা কৰে যদিও চাহ বাগানৰ লাইনৰ বিপৰীত দিশৰ পৰা অহা আন এচাম লোকে তেওঁলোকক আগভেটা দিয়ে। দুই যুৱকৰ ভিতৰত এজনে হাবিৰ মাজত প্ৰৱেশ কৰি পলাই সাৰে যদিও আনজন যুৱকক স্থানীয় ৰাইজে ধৰি আনি ওৰে নিশা শাস্তি প্ৰদান কৰে।

এই ঘটনা সংঘটিত হোৱা কিছু নিলগতে বাঘজান থানা আছে যদিও আৰক্ষীক কোনো লোকে খবৰ নিদিয়াত আৰক্ষীয়ে এই ঘটনাৰ বিষয়ে একো গম নাপালে। চুৰি কাৰ্য সংঘটিত কৰিবলৈ যোৱা যুৱক জনক পৰৱৰ্তী সময়ত আৰক্ষীয়ে উদ্ধাৰ কৰি ডুমডুমা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। চিকিৎসালয়তে গণপ্ৰহাৰৰ বলি হোৱা যুৱকজনে শেষ নিশ্বাস ত্যাগ কৰে।

আৰক্ষীৰ উচ্চপদস্থ সূত্ৰই অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কক জানিবলৈ দিয়া মতে, গণ প্ৰহাৰত মৃত্যু হোৱা যুৱকজনে এই অঞ্চলটোত প্ৰায়ে চুৰিকাৰ্য সংঘটিত কৰি আহিছে। চোৰ হিচাপে পৰিচিত যুৱকজনক ১ নং কৰ্দৈ গাঁৱৰ শৰৎ মৰাণ বুলি চিনাক্ত কৰা হয়। মৰণোত্তৰ পৰীক্ষাৰ অন্তত আৰক্ষীয়ে যুৱকজনৰ পৰিয়ালক মৃতদেহ চমজাই দিছে।ইফালে, গণ প্ৰহাৰৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি ১২জন লোক আটক কৰিছে। কোভিড প্ৰট'ক'লৰ বাবে তেওঁলোকক সমীপৱৰ্তী কেইবাখনো থানাত ৰখোৱা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in