কেব সমৰ্থনকাৰী অগপক ধিক্কাৰ! দুলীয়াজানত শতাধিক নেতা-কৰ্মীয়ে এৰিলে দল…

কেব সমৰ্থনকাৰী অগপক ধিক্কাৰ! দুলীয়াজানত শতাধিক নেতা-কৰ্মীয়ে এৰিলে দল…

ডিজিটেল সংবাদ, দুলীয়াজানঃ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্য উত্তাল হৈ আছে। বিভিন্ন দল-সংগঠনৰ লগতে খিলঞ্জীয়াৰ স্বাৰ্থত আঘাত হনা বিতৰ্কিত বিধেয়কখন বাতিলৰ দাবীত ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ খিলঞ্জীয়া লোক। কিন্তু অসমৰ খিলঞ্জীয়াৰ এই প্ৰতিবাদকো কেৰেপ কৰা নাই কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে। সোমবাৰে লোকসভাত বিতৰ্কিত বিধেয়কখন গৃহীত হোৱাৰ পিছত এইবাৰ ৰাজ্যসভাত এই বিধেয়ক গৃহীত কৰি অসমীয়া জাতিক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ ৰচিছে বিজেপি চৰকাৰে।

পূৰ্বে কেবৰ বিৰোধিতা কৰি বিজেপিৰে মিত্ৰতা ভংগ কৰিছিল যদিও ক্ষমতাৰ লোভ এৰিব নোৱাৰিলে অগপই। পুনৰ বিজেপিৰ শৰণাপন্ন হৈ ক্ষমতালোভী আঞ্চলিক দলটোৱে এতিয়া অসমীয়া জাতিৰ স্বাভিমানৰ বিৰুদ্ধে গৈ সমৰ্থন জনাইছে নাগৰিকত্ব সংশোধনী বিধেয়কৰ।

এক অনাকাংক্ষিত 'পৈশাচিক সূত্ৰ' বাহিৰ কৰি কেবৰ সমৰ্থনত উঠি পৰি লাগিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে দল-সংগঠনসমূহে সাব্যস্ত কৰা প্ৰতিবাদক 'মাথো পৈশাচিক তৃপ্তি'হে বুলি আখ্যা দিছে এইগৰাকী মন্ত্ৰীয়ে। কেবৰ সমৰ্থন কৰিবলৈ গৈ ৰাইজৰ ৰোষত পৰিব লগা হৈছে অগপ নেতা ফণীভূষণ চৌধুৰী, অতুল বৰা। কিন্তু তাৰ পিছতো নাগপুৰীয়াৰ আশীষ লাভৰ বাবে খিলঞ্জীয়াৰ স্বাৰ্থলৈ পিঠি দিছে আঞ্চলিক দলটোৰ এইসকল শীৰ্ষ নেতাই।

কিন্তু অগপৰ শীৰ্ষ নেতাসকলে কেবৰ সমৰ্থন জনালে বুলিয়েই দলটোৰ তৃণমূল নেতা-কৰ্মী সকলেও যে সেই পথৰে চলিব লাগিব তেনে কথা নহয়। সেয়াই স্পষ্ট কৰিলে দুলীয়াজান সমষ্টি অগপৰ নেতা-কৰ্মীসকলে। অসমীয়াৰ জাতি-মাটি-ভেটিৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ স্বৰূপে মঙলবাৰে এখন সভা অনুষ্ঠিত কৰি অগপৰ দুলীয়াজান সমষ্টিৰ সদস্যসকলে সমিতি ভংগ কৰাৰ সিদ্ধান্ত লয়। অগপৰ দুলীয়াজান সমষ্টিয়ে প্ৰকাশ কৰা এক প্ৰেছ বিজ্ঞপ্তিযোগে এই কথা ঘোষণা কৰে।

সমিতিখনে কেব সমৰ্থনকাৰী অগপৰ শীৰ্ষ নেতৃত্বক গৰিহনা দি অসমীয়াক বিক্ৰী কৰাৰ বাবে এয়া ষড়যন্ত্ৰ ৰচা হৈছে বুলি দাবী কৰে। বিজেপি চৰকাৰৰ সৈতে থাকি কেবৰ সমৰ্থন কৰি অগপৰ কেন্দ্ৰীয় সমিতিয়ে দলৰ নীতি আদৰ্শৰ জলাঞ্জলি দিয়া বুলিও দাবী কৰে দুলীয়াজান সমিতিয়ে। কেবৰ বিৰোধিতা কৰি সমিতিয়ে আয়োজন কৰা এক সভাত দলৰ সকলো সদস্যৰ মত সাপেক্ষে সমিতি ভংগ কৰে আৰু অসমীয়া জাতিৰ লগত থাকি কেবৰ বিৰুদ্ধে প্ৰতিবাদ কৰি যাব বুলি সিদ্ধান্ত লয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in