এজন সুৰামত্ত চিপাহীৰ কাহিনী! প্ৰতিবাদীক বাধা দিয়াৰ সলনি বিচাৰিলে টেঙাপানী

এজন সুৰামত্ত চিপাহীৰ কাহিনী! প্ৰতিবাদীক বাধা দিয়াৰ সলনি বিচাৰিলে টেঙাপানী

ডিজিটেল সংবাদ, গুৱাহাটীঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে বৃহস্পতিবাৰে দিছপুৰ লাষ্টগেটত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত ২৯ সংগঠনে সকীয়নি বিক্ষোভ শীৰ্ষক এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল। গণেশ মন্দিৰৰ সমীপৱৰ্তী গণেশ উদ্যানৰ পৰা দিনৰ প্ৰায় ১ বজাত বাহিৰ কৰিছিল প্ৰতিবাদী সমদল।

সেই সমদলক বাধা দিবলৈ লাষ্টগেটৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ সমীপত বেৰিকেড গঢ়ি ৰৈ আছিল আৰক্ষীৰ বিশাল বাহিনী। আৰক্ষীয়ে পিছে প্ৰতিবাদকাৰীক বাধা দিয়াৰ লগতে সেই সময়ত কৰ্তব্যৰত এজন আৰক্ষী কনিষ্টবলকো চম্ভালিবলগীয়া হ'ল। হাতত ধৰি কেবাজনো আৰক্ষীয়ে আঁতৰাই নিলে কনিষ্টবলগৰাকীক।

দশম আৰক্ষী বেটেলিয়নৰ এই কনিষ্টবলজন অসুস্থ হোৱাৰ বাবে সহকৰ্মী আৰক্ষীয়ে তেওঁক এনেদৰে আতৰাই নিয়ে বুলি ভুল নুবুজিব। থিৰেৰে থাকিব নোৱৰা এইজন আৰক্ষী কনিষ্টবলজনে দিনতে সেৱন কৰিলে সুৰা। তাৰপিছতে তেওঁৰ এই অৱস্থা। মদৰ নিচাত মাতাল হৈ থকা আৰক্ষীজনক উপস্থিত একাংশই সুধিলে, 'অ' দাদা পানী খাব নেকি নেমুপানী?' সংবাদ মাধ্যমৰ কেমেৰাৰ সমুখত তেওঁ থিৰেৰে থাকিব নোৱাৰিলে যদিও অস্বীকাৰ কৰিলে মদ খোৱাৰ কথা। বাৰে বাৰে হালি পৰিব বিচৰা আৰক্ষী কনিষ্টবলজনৰ কৰ্মকাণ্ডৰ নমুনা এয়া।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সাব্যস্ত কৰা প্ৰতিবাদৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকৰো কেন্দ্ৰবিন্দু হৈ পৰিল এই আৰক্ষী কনিষ্টবলগৰাকী। সাংবাদিকে তেওঁৰ নাম সুধিলে। কিন্তু তেওঁ নিজৰ নামটো পাহৰিলে। দুচকু মেলিব নোৱৰা অৱস্থাত থকা আৰক্ষী কনিষ্টবলজনে কেৱল অস্বীকাৰ কৰি গ'ল মদ খোৱাৰ কথা। অসম আৰক্ষীত এতিয়া এচাম লোকে কেনেদৰে কৰ্তব্য সম্পাদন কৰে তাৰ নমুনা এয়া।

এই আৰক্ষী কনিষ্টবলজনৰ ভিডিঅ' এতিয়া ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এচাম এনে আৰক্ষী কৰ্মীৰ বাবেই নাক কটা গৈছে আসম আৰক্ষীৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in