নিষিদ্ধ সামগ্ৰীৰ বেহাঃ কমিছন খোৱা ডিএছপিক ৫ দিনৰ জিম্মাত ল’লে আৰক্ষীয়ে, জেৰাত বিস্ফোৰক তথ্য প্ৰকাশৰ আশংকাত ত্ৰষ্টমান সংগী…

নিষিদ্ধ সামগ্ৰীৰ বেহাঃ কমিছন খোৱা ডিএছপিক ৫ দিনৰ জিম্মাত ল’লে আৰক্ষীয়ে, জেৰাত বিস্ফোৰক তথ্য প্ৰকাশৰ আশংকাত ত্ৰষ্টমান সংগী…

ডিজিটেল ডেস্কঃ দীৰ্ঘদিন ধৰি ভাৰত-বাংলা সীমান্তৰে ড্ৰাগছ, গৰু , চুপাৰীকে ধৰি অন্যান্য চোৰাং সামগ্ৰীৰ ব্যাপক সৰবৰাহৰ চক্ৰক সুৰক্ষা প্ৰদান কৰি আৰক্ষীৰ শেহতীয়া অভিযানকালত জালত পৰা ধুবুৰীৰ সীমান্ত শাখাৰ ডিএছপি যতীন চন্দ্ৰ দাসক আৰক্ষীয়ে ৫ দিনৰ বাবে জিম্মাত লৈছে। তেওঁৰ লগতে সোমবাৰে নিশা চলা অভিযানকালত আটক হোৱা ৰফিকুল পৰমানিক ওৰফে অপি বোলা ছাউথ টুক্ৰেশ্বৰৰ দালালজনকো ধুবুৰী থানাৰ ৮৮১/২১ নম্বৰত ৰুজু হোৱা গোচৰৰ বিপৰীতে দণ্ডবিধি আইনৰ ১২০ (বি)/৪০৯ৰ লগতে দুৰ্নীতি প্ৰতিৰোধ আইনৰ ৭ (ক) আৰু ১২ ধাৰাৰ অধীনত ৫ দিনৰ বাবে জিম্মাত লোৱা হৈছে।

ইফালে, সোমবাৰে নিশা চলা এই অভিযানকালত ৪ লাখ ৭৭ হাজাৰ নগদ টকাৰ উপৰি ড্ৰাগছকে ধৰি অন্যান্য সামগ্ৰীৰ অবৈধ সৰবৰাহৰে লিপ্ত চক্ৰটোৰ সন্দৰ্ভত বহু তথ্য আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। এই তথ্যৰ ভিত্তিতে সোমবাৰে নিশা ধুবুৰীৰ পৰা কৰিমগঞ্জলৈকে বিশাল এলেকা সামৰী বৃহৎ অভিযান চলোৱা হয়। কৰিমগঞ্জত সোমবাৰে চলা অভিযানত শিলচৰৰ তিনিগৰাকী সৰবৰাহকাৰীৰ লগতে তাৰাপুৰ অঞ্চলৰ পৰা ৫৫টা ড্ৰাগছ কন্টেইনাৰ, হেৰ'ইনৰ পেকেট জব্দ কৰা হয়।

এই অভিযানত আটক কৰা লোক কেইজন হ'ল সন্দীপ নাথ, আলংগীৰ মজুমদাৰ আৰু জুৱেল আহমেদ লস্কৰ। সোমবাৰে নিশা গুৱাহাটী, নগাওঁ, গ্ৰাম্য কামৰূপ, লখিমপুৰ, শোণিতপুৰ, দৰং আদি জিলাৰো বিভিন্ন স্থানত ব্যাপক অভিযান চলাই ড্ৰাগছৰ লগতে অন্যান্য নিষিদ্ধ সামগ্ৰী জব্দ কৰাৰ উপৰি বহু লোকক আৰক্ষীয়ে আটক কৰিছে। যোৱা সপ্তাহ ধৰি চলা এই অভিযানত ১৮০০জন লোকক বৰ্তমানলৈকে গ্ৰেপ্তাৰ কৰা হৈছে।

ইফালে, ধুবুৰী আৰক্ষী বিষয়াগৰাকীক ভালদৰে জেৰা কৰিলে অসমত অবাধে দীৰ্ঘদিনৰ পৰা চলি থকা বাৰ্মিছ চুপাৰী, কয়লা, গৰু, অস্ত্ৰ-শস্ত্ৰ, ড্ৰাগছৰ লগতে নাৰী সৰবৰাহৰ সৈতে জড়িত লোকক কোনে নেতৃত্ব দি আহিছিল আৰু প্ৰশাসনীয় স্তৰত কাৰ পৰা এই চক্ৰই সুৰক্ষা লাভ কৰিছিল এই সমুদায় তথ্য পোহৰলৈ অহাতো নিশ্চিত। সেয়েহে মঙলবাৰে আৰক্ষী বিষয়াগৰাকীক ৫ দিনৰ বাবে জিম্মাত লোৱাৰ লগে লগে প্ৰশাসন তথা আৰক্ষীৰেই একাংশ লোকৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি হৈছে।

ইতিমধ্যেই ড্ৰাগছৰ সৰবৰাহৰ সৈতে জড়িত অভিযন্তা আৰু অন্যান্য চৰকাৰী কৰ্মচাৰীও গ্ৰেপ্তাৰ হোৱা ঘটনাই এই কথাও স্পষ্ট কৰি দিছে যে অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কত ইতিপূৰ্বেই কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাই দাখিল কৰা এক প্ৰতিবেদনৰ উল্লেখেৰে পৰিৱেশিত দুখন প্ৰতিবেদনৰ সত্যতা ১০০ শতাংশই আছে। এই প্ৰতিবেদন দুখনতে স্পষ্ট কৰি দিয়া হৈছিল যে ম্যানমাৰৰ পৰা মিজোৰাম, ডিমাপুৰ আৰু গোলাঘাটেৰে অসমত প্ৰৱেশ কৰি গাৰো পাহাৰেৰে বাংলাদেশলৈ সৰবৰাহ হোৱা নিষিদ্ধ সামগ্ৰীৰ বেহাত উচ্চপদস্থ আৰক্ষী বিষয়া, ৰাজনৈতিক নেতা, অন্যান্য চৰকাৰী বিষয়া-আমোলা আৰু সংবাদ সেৱাৰে জড়িত বৃহৎ এটা চক্ৰ জড়িত থকাৰ তথ্য চোৰাংচোৱাৰ কেন্দ্ৰীয় সংস্থাই ইতিপূৰ্বেই চৰকাৰক অৱগত কৰিছিল যদিও ৰাজনৈতিক হস্তক্ষেপতে ইয়াৰ বিৰুদ্ধে অভিযান বন্ধ হৈ আছিল।

অৱশ্যে প্ৰতিবেদন দুখন প্ৰকাশ পোৱাৰ আগমুহূৰ্তত চৰকাৰ সলনি হয় আৰু নতুন চৰকাৰে শপত লোৱাৰ দুদিন পাছতে প্ৰশাসন আৰু আৰক্ষীৰ উচ্চস্তৰত ব্যাপক ৰদবদল কৰাৰ পাছতে সমগ্ৰ ৰাজ্যজুৰি ড্ৰাগছ তথা নিষিদ্ধ সামগ্ৰীৰ বেহাৰ বিৰুদ্ধে ব্যাপক অভিযান আৰম্ভ কৰা হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in