ৰৌতাৰ আমিনপাৰাত জব্দ হিৰোইন…

ৰৌতাৰ আমিনপাৰাত জব্দ হিৰোইন…

ডিজিটেল সংবাদ ওৰাংঃ ড্ৰাগচ আৰু নিচা জাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান অব্যাহত আছে ৰৌতা আৰক্ষীৰ। ৰৌতা আৰক্ষী আৰু চি আৰ পি এফৰ ১৩৬ ডি এন বি কোম্পানীৰ যৌথ অভিযানত ৰৌতাৰ আমিনপাৰাৰ পৰা জব্দ কৰিছে হিৰোইন। অভিযান কালত ১২.২৩ গ্ৰাম হিৰোইন জব্দ কৰে ৰৌতা আৰক্ষীয়ে। এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত ৰৌতা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মলয় আচাৰ্যৰ নেতৃত্বত ৰৌতা আৰক্ষীৰ দল আৰু চি আৰ পি এফে চলাইছিল এই অভিযান।

ৰৌতা আৰক্ষী থানাৰ অন্তৰ্গত আমিনপাৰাৰ পৰা ৰৌতা আৰক্ষীয়ে অভিযান চলাই হিৰোইনসহ দীপক গুপ্তা আৰু বিজয় শ্বাহু নামৰ ড্ৰাগচ সৰবৰাহকাৰী দুজনক আটক কৰে। ধৃত দীপক গুপ্তাৰ ঘৰ ওদালগুৰি জিলাৰ কলাইগাঁও আৰু বিজয় শ্বাহুৰ ঘৰ বিশ্বনাথ জিলাৰ বিহালীৰ বৰগাং চুকাংচুটীত বুলি জানিব পৰা গৈছে।

ড্ৰাগচ সৰবৰাহকাৰী দুয়োজনৰে পৰা এখন নম্বৰপ্লেট বিহীন মটৰ চাইকেলৰ সৈতে উদ্ধাৰ কৰা হৈছে ১২.২৩ গ্ৰাম হিৰোইন। ইতিমধ্যে ৰৌতা আৰক্ষীয়ে আইনী পদক্ষেপ আৰম্ভ কৰি দুয়োজনকে অধীক তথ্যৰ বাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে যোৱা ১১ ডিচেম্বৰত ৰৌতা আৰক্ষী এক অভিযান চলাই জব্দ কৰিছিল বৃহৎ পৰিমাণৰ অবৈধ সুৰা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in