বিশ্বনাথত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমানৰ ড্ৰাগছ জব্দঃ দুজনক গ্ৰেপ্তাৰ…

বিশ্বনাথত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমানৰ ড্ৰাগছ জব্দঃ দুজনক গ্ৰেপ্তাৰ…

ডিজিটেল সংবাদ বিশ্বনাথঃ ৰাজ্যত যিমানেই ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে সিমানেই উদ্ধাৰ হৈছে ড্ৰাগছ, আৰক্ষীয়ে আটক কৰিছে ড্ৰাগছ সৰবৰাহকাৰী। শুকুৰবাৰেও ৰাজ্যত উদ্ধাৰ হৈছে ড্ৰাগছ।

বিশ্বনাথ নগৰৰ ৰাজ্যিক পৰিবহণ নিগমৰ বাছ আস্থানৰ পৰা বিশ্বনাথ জিলা আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ এটা দলে অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় দুজনকৈ ড্ৰাগছ মাফিয়া। ড্ৰাগছ মাফিয়া দুজনৰ পৰা উদ্ধাৰ কৰা হৈছে বৃহৎ পৰিমাণৰ ড্ৰাগছসহ নগদ ধন। আৰক্ষীয়ে জব্দ কৰিেছ ১৬ টা কণ্টেইনাৰত ড্ৰাগছ। আনহাতে আৰক্ষীয়ে এখন আই-২০ গাড়ীও জব্দ কৰে।

বিশ্বনাথ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কুলেন্দ্ৰ নাথ, ডি এচ পি জয়ন্ত বৰা আৰু বিশ্বনাথ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জিত কুমাৰ ৰয়ে এক গোপন সূত্ৰৰ পম খেদি এই অভিযান চলায়।নিলা ৰঙৰ এ এছ ৭ এম ৮৯২২ নম্বৰৰ আই-২০ গাড়ীত এই দুজন ড্ৰাগচ মাফিয়া বিশ্বনাথলৈ আহিছিল।বিশ্বনাথত কোনো লোকক এই বৃহৎ পৰিমানৰ ড্ৰাগছ সৰবৰাহ কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে।

গ্ৰেপ্তাৰ কৰা ড্ৰাগছ মাফিয়া দুজনৰ এজন হল দলগাঁওৰ ফকিৰ আলি আৰু আনজন হৈছে বেচিমাৰিৰ ইনামূল হক। ইতিমধ্যে বিশ্বনাথ জিলা আৰক্ষীয়ে দুয়োজনক গ্ৰেপ্তাৰ কৰি সোধা-পোছা আব্যাহত ৰাখিছে বিশ্বনাথত কোন কোন এই অবৈধ ব্যবসায়ীৰ লগত জড়িত ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in