৩০ বছৰে বেতনৰ পৰা বঞ্চিত ৰাজ্যৰ ৫ হাজাৰ অতিৰিক্ত ড্ৰপ শিক্ষক, VIDEO

৩০ বছৰে বেতনৰ পৰা বঞ্চিত ৰাজ্যৰ ৫ হাজাৰ অতিৰিক্ত ড্ৰপ শিক্ষক, VIDEO

ডিজিটেল সংবাদ, কামপুৰঃ এবছৰ-দুবছৰ নহয়, যোৱা ২৫-৩০ বছৰ ধৰি বিনা বেতনে মানৱ সম্পদ গঢ় দিয়াত ব্যস্ত থকা বিদ্যালয়ৰ পদ প্ৰাদেশিকীকৰণৰ পৰা বঞ্চিত হৈ থকা ৰাজ্যখনৰ প্ৰায় পাঁচ হাজাৰ অতিৰিক্ত ড্ৰপ শিক্ষকৰ বৰ্তমান হাহাকাৰ অৱস্থা । গুণগত দিশৰ পৰা মেধাৱী হ'লেও কেৱল বিদ্যালয়ত পদত সেৱা আগবঢ়োৱাৰ বাবেই এইসকল পদ প্ৰাদেশিকীকৰণৰ পৰা বঞ্চিত শিক্ষকক চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই কোনো গুৰূত্ব নিদিয়া কাৰ্যই তীব্ৰ হতাশগ্ৰস্ত কৰি তুলিছে । এই দূৰ্ভগীয়া শিক্ষকসকল ভেঞ্চাৰ বিদ্যালয়ত কৰ্মৰত একাংশ শিক্ষকৰ পদ প্ৰাদেশিকীকৰণ হোৱাৰ লগতে ২০১৩ চনৰ পৰা তেওঁলোকৰ একেলগে কাম কৰা শিক্ষকসকলে নিয়মীয়াকৈ দৰমহা ভোগ কৰাৰ বিপৰীতে অতিৰিক্ত এইসকল শিক্ষকৰ পদ প্ৰাদেশিকীকৰণ নোহোৱাত ন্যায্যপ্ৰাপ্তিৰ পৰা বঞ্চিত হৈ থাকিব লগা হৈছে বুলি অভিযোগ উত্থাপন হৈছে।

চৰকাৰী সকলো নীতি-নিয়ম অনুসৰি ছাত্ৰ-ছাত্ৰীৰ অনুপাত অনুসাৰে তথা শ্ৰেণীৰ শাখাৰ বিপৰীতে নিযুক্তি হৈ থকা এইসকল দূৰ্ভগীয়া শিক্ষকৰ প্ৰতি কোনো এখন চৰকাৰে কাৰ্যকৰী পদক্ষেপ নোলোৱাত সম্প্ৰতি বিলাই-বিপত্তিৰ শেষ নোহোৱা হৈ পৰিছে পদ প্ৰাদেশিকীকৰণৰ পৰা বঞ্চিত এইসকল শিক্ষকৰ ।

উল্লেখ্য যে, যোৱা ২০১৭ চনৰ ২৫ মে' আৰু ২৯ মে'ত পৃথকে পৃথকে মেম' নং এ এছ ই ২৬২/২০১৭/৫৫-এ আৰু এ এছ ই ২৬২/১০১৭/৫৬-এ অনুসৰি অসম চৰকাৰৰ মাধ্যমিক শিক্ষা বিভাগৰ আয়ুক্ত সচিবে ৰাজ্যখনৰ সকলো জিলা উপায়ুক্ত আৰু বিদ্যালয়সমূহৰ পৰিদৰ্শকলৈ এক লিখিত নিৰ্দেশনা জাৰি কৰিছিল । এই নিৰ্দেশনা অনুসৰি ইতিমধ্যে অসম ভেঞ্চাৰ শিক্ষানুষ্ঠান পদ প্ৰাদেশিকীকৰণ আইন ২০১১ অনুসৰি যিসমূহ ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ পদ প্ৰাদেশিকীকৰণ হ'ল সেই সময়ত শিক্ষানুষ্ঠানসমূহত ৰৈ যোৱা শিক্ষকৰ পদসমূহ প্ৰাদেশিকীকৰণ কৰাৰ বাবে বঞ্চিত শিক্ষকসকলৰ পৰা আবেদন গ্ৰহণ কৰিবলৈ এক নিৰ্দেশ প্ৰেৰণ কৰিছিল।

সেই অনুসৰি ৰাজ্যখনৰ বিভিন্ন বিদ্যালয়ত কৰ্মৰত পদ প্ৰাদেশিকীকৰণৰ পৰা বঞ্চিত শিক্ষকসকলে বিদ্যালয়ৰ শিক্ষক-অধ্যক্ষৰ জৰিয়তে নিজ জিলা বিভাগৰ পৰিদৰ্শক কাৰ্যালয়ত সেই সময়তে আবেদন দাখিল কৰিছিল । কিন্তু অতি পৰিতাপৰ বিষয় যে, প্ৰায় দুবছৰ হওঁ হওঁ অৱস্থাত এইসকল ২৫-৩০ বছৰ ধৰি বিনা বেতনে ছাত্ৰ-ছাত্ৰীক পাঠদান দি থকা শিক্ষকে বৰ্তমানেও চৰকাৰখনৰ সদিচ্ছাৰ অভাৱৰ বাবে কোনো ফল লাভ কৰিবলৈ সক্ষম হোৱা নাই ।

অসম ভেঞ্চাৰ শিক্ষানুষ্ঠান পদ প্ৰাদেশিকীকৰণ ২০১৭ আইন অনুসৰি এইসকল শিক্ষকৰ সকলো কাম-কাজ জিলা স্ক্ৰিনিং কিমিটি জৰিয়তে পুণৰীক্ষণ কৰি মাধ্যমিক শিক্ষা সঞ্চালকৰ কাৰ্যালয়তে বিগত বছৰতে জিলা শিক্ষা বিভাগৰ কাৰ্যালয়ে প্ৰেৰণ কৰিলে যদিও সকলোবোৰ সঞ্চালকৰ কাৰ্যালয়তে পৰি থকা বুলি একাংশ ভূক্তভোগী শিক্ষকৰ পৰা জানিব পৰা গৈছে ।

বছৰৰ পিছত বছৰ ধৰি সেৱা আগবঢ়াই অহা দূৰ্ভগীয়া শিক্ষকসকলে প্ৰতিটো মূহুৰ্ততে মন মগজুত এসোপা সাংসাৰিক চিন্তা লৈ ছাত্ৰ-ছাত্ৰীক পাঠদান কাৰ্য চলাই অহাৰ লগতে পৰিয়াল পোহ-পালৰ গধুৰ বোজা বহনৰ কষ্ট সহ্য কৰি থাকিবলৈ বাধ্য হৈছে । এই শ্ৰেণীৰ বহু শিক্ষকে ইতিমধ্যে অৰ্থ সংকটত ভূগি মৃত্যুক সাৱটি ল'বলগীয়া হৈছে।

যদিও চৰকাৰে তথা বিভাগীয় কৰ্তৃপক্ষৰ মেৰপেচত বন্দী এনে শিক্ষকৰ মৰ্মবেদনা বুজিবলৈ যেন আহৰি নাই মন্ত্ৰী, বিধায়ক তথা শিক্ষা বিভাগৰ উচ্চপদস্থ বিষয়াৰ । যিখন ৰাজ্যত মন্ত্ৰী, বিধায়ক, সাংসদৰ দৰমহা, সা-সুবিধা বঢ়াবলৈ চৰকাৰৰ ৰাজকোষত ধনৰ অভাৱ নঘটে; তেনে ক্ষেত্ৰত বিনা বেতনে ২৫-৩০ বছৰ ধৰি ফুটাকড়ি এটাও নোপোৱা শিক্ষকতা কৰি থকা এইসকল পদ প্ৰাদেশিকীকৰণ কৰিবলৈ ৰাজকোষত ধনৰ অভাৱ ঘটে কিয় বুলিও তীব্ৰ আক্ষেপ প্ৰকাশ কৰে ভূক্তভোগী শিক্ষকসকলে ।

তেনেক্ষেত্ৰত এইসকল ড্ৰপ শিক্ষকৰ পদসমূহ আগন্তুক বাজেট অধিৱেশনৰ পূৰ্বে প্ৰাদেশিকীকৰণৰ কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰিবলৈ মন্ত্ৰী সিদ্ধাৰ্থ ভট্ৰাচাৰ্যৰ লগতে শিক্ষা বিভাগক আহ্বান জনাইছে ৰাজ্যৰ দুৰ্ভগীয়া বঞ্চিত বেতনহীন শিক্ষকসকলে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in