শেহতীয়া খবৰ
চৰকাৰে কৃষকসকলক বিভাজিত কৰি আন্দোলনটোক নিষ্ফল কৰাৰ প্ৰয়াস কৰিছেঃ প্ৰফেচৰ দৰ্শনপাল...  •  দেশৰ ১ লাখ ছাত্ৰ-ছাত্ৰীয়ে ব্যক্তিগতখণ্ডৰ বিদ্যালয় এৰি চৰকাৰী বিদ্যালয়লৈ ঢাপলি মেলিছে কিয়...  •  ধনশিৰি আছুত মোক্ষম আঘাত,আছু ত্যাগ কৰি যোগদান কৰিলে চুতীয়া ছাত্ৰ সন্থাত...  •  বিটিচিত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিবঃ ৰঞ্জিত দাস...  •  সাংস্কৃতিক কৰ্মী বুন বৰাৰ উদ্যোগত বিন্দাচ অৰিজিনেল নামৰ আন্তঃৰাষ্ট্ৰীয় মনোৰঞ্জন ধৰ্মী এপৰ শুভাৰম্ভ...  •  ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ ভাতৃ চৌভিক চক্ৰৱৰ্তীৰ জামিন মঞ্জুৰ...  •  বোকাজানৰ অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত বিধ্বংসী অগ্নিকাণ্ড...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ বাসগৃহত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস...

ডা: ৰিয়াজউদ্দিন আহমেদক ‘ৰাইজৰ দল’ৰ পৰা নিলম্বন…

75

ডিজিটেল সংবাদ, নগাওঁ : ৰাইজৰ দলৰ নগাওঁ জিলা আহ্বায়ক সমিতিৰ সদস্য তথা ধিং বিধানসভা সমিষ্টিৰ বাসিন্দা ডা: ৰিয়াজউদ্দিন আহমেদক সংবিধান বিৰোধী কাৰ্যত জড়িত ৰাইজৰ দলৰ ভাৱমূৰ্তি বিনিষ্ট কৰাৰ কাৰনে ২২ তাৰিখৰ পৰা কাৰ্যকাৰী হোৱাকৈ ৰাইজৰ দলৰ জিলা আহ্বায়কৰ লগতে প্ৰাথমিক সদস্য পদৰ পৰা অনিৰ্দিষ্ট কললৈ নিলম্বিত কৰা হ’ল ।

উল্লেখ্য যে ধিং বিধান সভা সমষ্টি সমিতি গঠনৰ বাবে ৰাইজৰ দলে আয়োজন কৰা সাংগঠানিক সভাত সভা অনুষ্ঠিত হৈ থকাৰ সময়তে কৰিকল্পিত ভাবে একাংশ সমৰ্থক লগতলৈ সভাৰ পৰিবেশ বিনিষ্ট কৰাৰ উপৰিও মঞ্চত উপস্থিত থকা নদগাও জিলা সমিতিৰ সমন্বয়ক শ্ৰী নীলমনি শইকীয়াক শাৰিৰীক ভাৱে অপদষ্ট কৰাৰ বাবে ৰাইজৰ দলে ডা: ৰিয়াজউদ্দিন আহমেদক দলৰ পৰা নিলম্বন কৰে ।

ধিং বিধান সভা সমষ্টি সমিতি গঠনৰ উদ্দেশ্যে ইতিমধ্য়ে গঠিত আহ্বায়ক সমিতিখনো আজিৰ পৰা কাৰ্যকাৰী কৰাকৈ সম্পূৰ্ন ৰূপে ভংগ কৰা হয় । আচিফ ইকবাল চৌধুৰী, দুৰ্গেশ্বৰ দাস, ফাইজুৰ ৰহমানক ধিং সমষ্টিৰ আহ্বায়ক ৰূপে দায়িত্ব প্ৰদান কৰে ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি