জীৱন নাট সামৰিলে ডাঃ পাৰ্থ সাৰথি বৰুৱাই…

জীৱন নাট সামৰিলে ডাঃ পাৰ্থ সাৰথি বৰুৱাই…

ডিজিটেল সংবাদ, নগাঁও: জীৱন নাট সামৰিলে নগাঁৱৰ ডা০ পাৰ্থ সাৰথি বৰুৱাই৷ ডা০ বৰুৱাই মঙলবাৰে বিয়লি ৩ বজাত মৃত্যুক সাৱটি লয় ৷ কিছু দিন ধৰি যকৃত ৰোগত আক্ৰান্ত হৈ থকা ডা০ পাৰ্থ সাৰথি বৰুৱা মঙলবাৰে দুপৰীয়া ভাগত গুৰুতৰ ভাবে অসুস্থ হৈ পৰাত নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হৈছিল যদিও চিকিৎসা সেৱাই সুস্থ কৰি তুলিব নোৱাৰিলে তেওঁক৷ উল্লেখ্য যে, প্ৰকৃতি প্ৰেমী ডা০ বৰুৱা এজন সুদক্ষ আলোকচিত্ৰ শিল্পীও আছিল ৷

পুৰণি গ্ৰন্থৰ আৰ্কাভ হিচাপে পৰিচিত ডা০ পাৰ্থ সাৰথি বৰুৱা এজন সুদক্ষ চিকিৎসক আছিল ৷ নগাৱঁৰ কাৰাগাৰৰ পৰা চিকিৎসক হিচাপে অৱসৰ গ্ৰহণ কৰা ডা০ বৰুৱাই চিকিৎসা সেৱাৰ উন্নয়নৰ বাবে নিজৰ দেহাটি দান দি থৈ গৈছে৷ ইলোৰা বিজ্ঞান মঞ্চক দেহ দান কৰি থৈ যোৱা প্ৰয়াত ডা০ বৰুৱাৰ নশ্বৰ দেহটি সংগঠনটোৱে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ লৈ যাব৷ The man of culture হিচাপে খ্যাত ডা০ পাৰ্থ সাৰথি বৰুৱাৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৭৩ বছৰ ৷ প্ৰয়াত ডা০ বৰুৱাই মৃত্যুৰ সময়ত পত্নী আৰু পুত্ৰক এৰি থৈ গৈছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in