মুখ্যমন্ত্ৰীয়ে উন্মোচন কৰিলে ড০ পানছাৰীৰ গ্ৰন্থ ‘বাতো বাতো মে’…

মুখ্যমন্ত্ৰীয়ে উন্মোচন কৰিলে ড০ পানছাৰীৰ গ্ৰন্থ ‘বাতো বাতো মে’…

ডিজিটেল ডেস্কঃ ড০ এ কে পানছাৰীৰ নৱতম গ্ৰন্থ 'বাতো বাতো মে' মঙলবাৰে উন্মোচন কৰা হয়। এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত এই গ্ৰন্থখন উন্মোচন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। এই অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ উপৰিও কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। মুখ্যমন্ত্ৰীৰ বাসগৃহতে আয়োজন কৰা এই সভাত উপস্থিত আছিল দৈনিক পূৰ্বোদয়ৰ সম্পাদক ৰবিশংকৰ ৰবি।

গ্ৰন্থখনত ড০ পানছাৰীৰ মুঠ ৪৩ টা প্ৰৱন্ধ সন্নিবিষ্ট কৰা হৈছে।কোৰোণা কালীন পৰিস্থিতিৰ প্ৰসংগ সন্নিবিষ্ট এই লেখাসমূহ ইংৰাজী, অসমীয়া আৰু হিন্দীত লিখা হৈছে । ইয়াৰ ভিতৰত কোভিড-১৯ৰ সময়চোৱাত মানুহক এই মহামাৰীৰ পৰা পৰিত্ৰাণ পাবলৈ ল'ব লগা ব্যৱস্থা আৰু জনসাধাৰণক প্ৰেৰণা যোগাব পৰা কেইবাটাও গুৰুত্বপূৰ্ণ লেখা আছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in