সামান্য উন্নতি হৈছে প্ৰখ্যাত ভাষাবিদ ড০ গোলক চন্দ্ৰ গোস্বামীৰ স্বাস্থ্য…

সামান্য উন্নতি হৈছে প্ৰখ্যাত ভাষাবিদ ড০ গোলক চন্দ্ৰ গোস্বামীৰ স্বাস্থ্য…

ডিজিটেল ডেস্কঃ অসমীয়া ভাষা-সাহিত্যৰ প্ৰখ্যাত গৱেষক পণ্ডিত ড০ গোলক চন্দ্ৰ গোস্বামীৰ স্বাস্থ্যৰ সামান্য উন্নতি ঘটিছে। ৯৬ বছৰীয়া ড০ গোস্বামীক অতি সংকটজনক অৱস্থাত কে জি এম টি চিকিৎসালয়ত যোৱা ২৫ নৱেম্বৰ তাৰিখে ভৰ্তি কৰা হৈছিল।

কেইবাদিনো আই চি ইউত পাৰ কৰাৰ পিছত স্বাস্থ্যৰ সামান্য উন্নতি ঘটাত সম্প্ৰতি তেওঁক এটি আছুতীয়া কক্ষলৈ স্থানান্তৰিত কৰাৰ লগতে অতি পাতল খাদ্য খুৱাবলৈ দিয়া হৈছে যদিও বৰ্তমানো সম্পূৰ্ণৰূপে তেওঁ বিপদমুক্ত হোৱা নাই।

সেয়েহে চিকিৎসকে শুভাকাংক্ষী মহলে তেওঁক সাক্ষাৎ কৰাৰ ক্ষেত্ৰতো সৰ্তকতা অৱলম্বন কৰিবলৈ দিয়া বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে।অৱশ্যে দেওবাৰে তেওঁক সাক্ষাৎ কৰা কালত পূৰ্বতকৈ আৰাম পোৱা বুলি তেওঁ নিজে কব পাৰিছে। চিকিৎসক মহলেও অহা কেইদিনমানৰ ভিতৰত তেওঁ সুস্থ হৈ ঘৰলৈ উভতিব পাৰিব বুলি আশা প্ৰকাশ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in