নগালেণ্ডৰ ৱাখাৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰাৰ সম্ভাৱনা, গোলাঘাটৰ সীমান্তবাসীলৈ সতৰ্কতা জাৰি প্ৰশাসনৰ…

নগালেণ্ডৰ ৱাখাৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰাৰ সম্ভাৱনা, গোলাঘাটৰ সীমান্তবাসীলৈ সতৰ্কতা জাৰি প্ৰশাসনৰ…

ডিজিটেল সংবাদ, ৱাখাঃ বিগত কিছুদিনৰ পৰা নাগালেণ্ডত ৱাখা আৰু ঝুনহেবটো জিলাত বৃষ্টিপাত হৈ থকা পৰিপ্ৰেক্ষিতত নেপক'ৰ অধীনস্থ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ জলধাৰাত পানীৰ পৰিমাণ বৃদ্ধি হৈ থকাত পৰ্যায়ক্ৰমে অতিৰিক্ত পানী এৰা হ'ব বুলি নেপকোৰ কৰ্তৃপক্ষই গোলাঘাট জিলা প্ৰশাসনক অৱগত কৰা বুলি জানিব পৰা গৈছে । কিছু সময় পূৰ্বে গোলাঘাট জিলাৰ প্ৰশাসনে জাৰি কৰা এক বিজ্ঞপ্তিৰ জৰিয়তে এই সতৰ্কতা প্ৰকাশ কৰিছে।

জানিব পৰা মতে ইয়াৰ পৰিপ্ৰেক্ষিতত গোলাঘাট জিলাৰ উপায়ুক্তই জিলাখনৰ সকলো ৰাজহ চক্ৰ বিষয়াক সষ্টম হৈ থাকিবলৈ নিৰ্দেশ জাৰি কৰিছে। দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ সৰ্বোচ্চ জলস্তৰ সীমা ৩২৪ মিটাৰ। যদিও যোৱা ৯ জুলাইত জলবিদ্যুৎ প্ৰকল্পৰ ৰিজাৰ্ভাৰৰ জলস্তৰ ৩১৯.৫০ মিটাৰৰ লৈ বৃদ্ধি পাইছে । ফলত অতিৰিক্ত পানী এৰি দিয়াটো জৰুৰী হৈ পৰিছে।

আনহাতে, দৈয়াং নদীৰ উজনি অংশত হৈ থকা বৰষুণৰ বাবে পানী বাঢ়ি আছে। গোলাঘাট জিলাৰ উপায়ুক্তই সকলো নৈপৰীয়া ৰাইজক নদীত নানামিবলৈ আৰু সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে। অতিৰিক্ত জলৰাশি এৰি দিয়াৰ সন্দৰ্ভত গোলাঘাট জিলাৰ উপায়ুক্ত বিভাস চন্দ্ৰ মোদীয়ে নেপক' কৰ্তৃপক্ষৰ লগত সঘনে যোগাযোগ কৰি আছে। নেপকোক গোলাঘাট জিলাৰ উপায়ুক্তই জলবিদ্যুৎ প্ৰকল্পৰ পানী পৰ্যায়ক্ৰমে এৰিবলৈ অনুৰোধ জনোৱাৰ লগতে জিলা উপায়ুক্তজনে দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃত্বৰ বিষয়া কৰ্মচাৰীকো সষ্টম হৈ থাকিবলৈ নিৰ্দেশ জাৰি কৰিছে। আনহাতে দৈয়াং নদীত জলপৃষ্ঠ বৃদ্ধি পালেও জনসাধাৰণক ভীতিগ্ৰস্ত নহবৰ বাবেও উপায়ুক্তই আহ্বান জনাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in