দৌলাশালত ৰাইজে ধৰি আৰক্ষীক গতালে ড্ৰাগছ ব্যৱসায়ীক…

দৌলাশালত ৰাইজে ধৰি আৰক্ষীক গতালে ড্ৰাগছ ব্যৱসায়ীক…

ডিজিটেল সংবাদ, চেঙাঃ নলবাৰী জিলাৰ দৌলাশাল আৰক্ষী চকীৰ অন্তৰ্গত দৌলাশাল আমৃখোলি চুপাত শনিবাৰে সন্ধিয়া এটা ড্ৰাগছ ব্যৱসায়ীক ৰাইজে আটক কৰি দৌলাশাল আৰক্ষীক গতাই দিয়ে। আটক কৰা যুৱকজন বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত ৰৌমাৰী গাঁৱৰ প্ৰয়াত মিষ্টাৰ আলীৰ পুত্ৰ চাহনুৰ আলী (২২ ) বুলি জানিব পৰা গৈছে ।

যুৱকজনে দীৰ্ঘদিনধৰি অঞ্চলটোত নিচাজাতীয় টেবলেট বিক্ৰী কৰি অহাৰ অভিযোগ উত্থাপিত কৰিছে স্থানীয় লোকে। যুৱকজনৰ লগত থকা আন এজন যুৱক পলায়ন কৰে বুলি স্থানীয় লোকে জানিবলৈ দিয়ে। আটক কৰা যুৱকজনৰ লগত কেইবাটাও নিচাজাতীয় টেবলেট উদ্ধাৰ কৰা হৈছে।যুৱকজনৰ পৰা এ এচ- ০২-ইউ ২৬২১ নম্বৰৰ স্কুটি এখনো জব্দ কৰে দৌলাশাল আৰক্ষীয়ে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in