ধনৰ অভাৱত চিকিৎসাৰ পৰা বঞ্চিত হৈ মৃত্যুৰ সৈতে যুঁজিছে দৰঙৰ সঞ্জয়ে…

ধনৰ অভাৱত চিকিৎসাৰ পৰা বঞ্চিত হৈ মৃত্যুৰ সৈতে যুঁজিছে দৰঙৰ সঞ্জয়ে…

ডিজিটেল সংবাদ,মঙলদৈঃ ৰাজ্যত দৰিদ্ৰতাৰ ভয়াবহ ছবি ৷ধনৰ অভাবত কেঞ্চাৰ ৰোগত আক্ৰান্ত পুত্ৰক চিকিৎসালয়ৰ পৰা ঘৰলৈ ঘুৰাই আনি জীৱনমৃত্যুৰে যুজি থকা পুত্ৰৰ মুখলৈ চাই অসহনীয় প্ৰতিমুহূৰ্ত পাৰ কৰিছে দৰিদ্ৰ পিতৃ মাতৃয়ে ৷ সপোন দেখা বয়সতে ছিপাঝাৰৰ হাজৰিকাপাৰা গাৱৰ সঞ্জয় শইকীয়া নামৰ কিশোৰ জনে বিচনা খনত জীৱন মৃত্যুৰে যুঁজি আছে ৷

ৰাজহাড়ৰ কেঞ্চাৰ ৰোগত আক্ৰান্ত সঞ্জয়ক বি বৰুৱা কেঞ্চাৰ চিকিৎসালয়ত দৈনিক হাজিৰা কৰি পোহপাল যোৱা দৰিদ্ৰ পৰিয়ালটোৱে মাটি সম্পত্তি বিক্ৰী কৰি ঋন পৰ্যন্ত লৈ চিকিৎসা কৰাইছিল ৷ সম্প্ৰতি পুত্ৰৰ চিকিৎসাৰ নামত সৰ্বশ্ৰান্ত হোৱা দৰিদ্ৰ পৰিয়ালটোৱে ৰুগীয়া পুত্ৰক ধনৰ অভাৱত ঘৰলৈ ঘুৰাই আনিবলগীয়া হৈছে ৷

চিকিৎসাৰ অভাৱত সঞ্জয়ে যুজি আছে জীৱন মৃত্যুৰে ৷ইপিনে সঞ্জয়ক এইপৰ্যন্ত পৰিৱৰ্তন কামী চৰকাৰৰ এখনো আচনিয়ে ঢুকি পোৱা নাই ৷উপায়ন্তৰ দৰিদ্ৰ পিতৃমাতৃয়ে চকুৰ আগত চিকিৎসাৰ অভাৱত জীৱন মৃত্যুৰে যুজি থকা পুত্ৰক জীৱনদান দিবলৈ চৰকাৰ তথা স্বাস্থ্য বিভাগক অনুৰোধ জনাইছে ৷লগতে কোনো সহৃদয়ৱান লোকে সহায়ৰ হাত আগবঢ়ালে ৭০০২৮১৩১৫০ নং যোগাযোগ কৰিব পাৰে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in