শীঘ্রেই সলনি হ’ব দৰং আছুৰ নেতৃত্ব…

শীঘ্রেই সলনি হ’ব দৰং আছুৰ নেতৃত্ব…

ডিজিটেল সংবাদ, মঙলদৈঃ অসম আন্দোলনৰ ইতিহাসত দৰং জিলাৰ এক সুকীয়া পৰিচয় আছে । দৰঙৰ পৰাই বহু সময়ত বহু নেতাৰ সৃষ্টি হৈছে । দৰঙীয়াৰ জাতীয় জীৱনৰ এক এৰাব নোৱাৰা অংগ সদৌ দৰং জিলা ছাত্র সন্থা । জিলা খনৰ সকলো জনগোষ্ঠীৰে প্রতিনিধি থকা জিলা ছাত্র সন্থাৰ নেতৃত্বৰ অচিৰেই পৰিৱৰ্তন ঘটিব ।

সময়ে সময়ে দৰং জিলা ছাত্র সন্থাৰ নেতৃত্বলৈয়ে পৰৰ্বতী সময়ত কোনোবা নেতা হল, কোনোবা মন্ত্রী হল , অথচ জিলাখনৰ জ্বলন্ত সমস্যাবোৰ সমস্যা হৈয়েই থাকিল । এই ছাত্র সমাজৰ পৰাই ৰাজ্যৰ ৰাজনীতিত আকৌ এইবাৰ জন্মলাভ কৰিছে আন এক ৰাজনৈতিক দলৰ । এনে এক সময়তে দৰং জিলা ছাত্র সন্থাৰ ৰঙামাটিৰ ৰঙামাটি প্লাবিক হাই স্কুল ত ৭ আৰু ৮নবেম্বৰ ২০২০ তাৰিখে হব লগা অধিবেশনক লৈ সম্প্রতি মঙলদৈ শ্বহিদ ভৱনৰ ভিতৰে বাহিৰে চলিছে ব্যাপক চৰ্চা লাভ কৰিছে । চৰ্চাৰ বিষয়বস্তু হৈছে পৰৱৰ্তী কালত দৰং জিলা ছাত্র সন্থাৰ নেতৃত্ব বহন কৰিব কোনে ।

ইতিমধ্যে সদৌ অসম ছাত্র সন্থা আৰু অসম জাতীয়তাবাদী যুৱছাত্ৰ পৰিষদৰ ঔৰসত জন্ম লাভ কৰা নতুন ৰাজনৈতিক দল 'অসম জাতীয় পৰিষদ'ৰ দৰং জিলাৰ নেতৃত্ব কোনে গ্ৰহণ কৰিব এই লৈয়ো চলিছে ব্যাপক জল্পনা কল্পনা । উল্লেখ্য যে দৰং আছুৰ ৰঙামাটি অধিবেশনতেই হয়তো বৰ্তমানৰ কোন নেতা থাকিব আছুত আৰু কোন কোন নেতা যাব ৰাজনৈতিক দলটোত এই বিষয়টোৰ বাট মুকলি হব ।

এক বিশ্বত্ব সুত্রে জানিব পৰা মতে দৰং আছুৰ পৰৱৰ্তী সভাপতি হিচাপে বৰ্তমানৰ সাধাৰণ সম্পাদক এগৰাকী নিষ্ঠাবান ছাত্র নেতা জিলাখনৰ পশ্চিম প্রান্তৰ বৰমপুৰৰ পৰাগ চহৰীয়া, দেওমৰনৈৰ নিৰঞ্জন শইকীয়া আৰু কুৰুৱাৰ নৱ ৰাজবংশীৰ নাম চৰ্চিত হোৱাৰ লগতে সাধাৰণ সম্পাদক পদত আন্তঃমঙলদৈ ছাত্র সন্থাৰ সাধাৰণ সম্পাদক সত্যৰঞ্জন ডেকা, বৰ্তমানৰ জিলা ছাত্র সন্থাৰ সহকাৰী সম্পাদক তথা জলজলীৰ প্রমোদ ডেকা, ছিপাঝাৰৰ বাহাৰুল ইছলাম আৰু দলগাৱৰ অনুৰাগ চহৰীয়াক লৈ কৰ্মী সকলৰ মাজত চলিছে ব্যাপক জল্পনা -কল্পনা ।

ইপিনে আছুৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক তথা বৰ্তমানৰ দৰং জিলা ছাত্র সন্থাৰ সভাপতি খনিন্দ্র ৰাজবংশীৰ সোহাত স্বৰূপ কোনো বিশেষ ব্যক্তিয়ে এই সন্মানজনক সদৌ দৰং জিলা ছাত্র সন্হাৰ সভাপতি পদ অলংকৃত কৰিবলৈ সুবিধা লাভ কৰিব নেকি সেই লৈও বিভিন্ন মহলত চলিছে সৰব চৰ্চা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in