দৰঙত ১ লাখ গছ পুলি ৰোপনৰ লক্ষ্য, লক্ষ্মী পূজাৰ দিনাই আৰম্ভ কাৰ্যসূচী…

দৰঙত ১ লাখ গছ পুলি ৰোপনৰ লক্ষ্য, লক্ষ্মী পূজাৰ দিনাই আৰম্ভ কাৰ্যসূচী…

ডিজিটেল ডেস্কঃ দেওবাৰে ধনৰ অধিষ্ঠাত্ৰী লক্ষী দেৱীৰ বন্দনাৰে আধ্যাত্মিক পৰিৱেশৰ সূচনা হ'ল ৰাজ্যৰ প্ৰতিটো লক্ষ্মী মন্দিৰ, দেৱালয় আৰু ৰাজহুৱা স্থানত। ধন, ঐশ্বৰ্য, বিভূতিৰ অধিষ্ঠাত্ৰী দেৱী মহালক্ষ্মীৰ আৰাধানৰে মুখৰিত আকাশ-বতাহ। দেৱী বন্দনাৰে আধ্যাত্মিক পৰিবেশৰ মাজতে দৰং জিলাৰ বিভিন্ন স্থানত দৰং বৃক্ষৰোপণ গোট আৰু ৰেনেচাঁ ক্লাৱে গ্ৰহণ কৰে ব্যতিক্ৰমী কাৰ্যসূচী।

দৰং জিলাক সেউজীকৰনৰ উদ্দেশ্যে একলাখ গছপুলি ৰোপণৰ অংশ হিচাপে দৰং জিলাৰ ঝাকুৱাপাৰা অৰুনোদয় সংঘ,সমলা গাওঁ ৰ নৱমুক্তি মিলন সংঘ,সমলা , শ্ৰী শ্ৰী শিয়ালা বৈষ্ণৱ দেওমৰনৈ‌ সত্ৰত,পাতিদৰং অৰ্দ্ধনাৰীশ্বৰ শিৱমন্দিৰ ,দেওমৰনৈ বৰদৌলগুৰি পথত ,পাৰিয়াপাৰাত,শাওপুখুৰী পাৰত গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ন কৰা হয় ।

উক্ত গছপুলি ৰোপণ কাৰ্যসূচী ত উপস্থিত থাকে সদৌ দৰং জিলা ছাত্ৰ সন্থা ৰ উপ-সভাপতি তথা দৰং বৃক্ষৰোপণ গোটৰ সভাপতি নিৰঞ্জন‌ শইকীয়া,ৰেনেচাঁ ক্লাৱ বাঘৰবাৰী তথা বৃক্ষৰোপণ গোটৰ মূখ্য সম্পাদক মৃদুল কলিতা,ৰেনেচাঁ ক্লাৱ ৰ সভাপতি নৱ কুমাৰ শৰ্মা,কাৰ্যকৰী সভাপতি দ্বীপজ্যোতি শৰ্মা, দৰং ওডালগুৰি জিলাৰ সাংবাদিক দিগন্ত কুমাৰ শৰ্মা ৰ লগতে সংঘ আৰু বৃক্ষৰোপণ গোটৰ সদস্য সকল উপস্থিত থাকে । শ্ৰী শ্ৰী লক্ষী পুজাৰ দিনা ৰেনেচাঁ ক্লাব ৰ গছ পুলি ৰোপন কায্যসূচীক বিভিন্ন জনে প্ৰশংসা কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in