বহি:ৰাজ্যৰ পৰা মুঠ ১৮৯ জনৰ দৰঙলৈ আগমন

বহি:ৰাজ্যৰ পৰা মুঠ ১৮৯ জনৰ দৰঙলৈ আগমন

ডিজিটেল সংবাদ ,মঙলদৈঃ বহি:ৰাজ্যৰ পৰা সোমবাৰে নিশা আগমণ ঘটে ১৪ জন লোকৰ । আৰক্ষীৰ সহযোগত এই লোকসকলক চিকিৎসালয়লৈ আনি স্বাস্থ্য পৰীক্ষা কৰি আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা কৰা হৈছে । জিলা স্বাস্থ্য বিভাগৰ এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি ইয়াৰে ১৩ জনক খাৰুপেটীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ হোষ্টেলত ৰখাৰ বিপৰীতে ১ জন লোকক মঙলদৈ মহাবিদ্যালয়ৰ ছাত্ৰী নিবাসত আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা কৰা হৈছে ।

এই ১৪ জনক ধৰি সোমবাৰে নিশা পৰ্যন্ত দৰঙলৈ বহি:ৰাজ্যৰ পৰা অহা লোকৰ সংখ্যা ১৮৯ জনলৈ বৃদ্ধি পালে । প্ৰতিজন লোককে ১৪ দিনৰ বাবে আছুতীয়াকৈ ৰখাৰ লগতে শ্লেষৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষা কৰাৰ ব্যৱস্থা কৰিছে দৰং জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে ।

ইফালে সোমবাৰ পৰ্যন্ত ৭৯৪ টা শ্লেষৰ নমুনা ক'ভিড- ১৯ ৰ পৰীক্ষাৰ বাবে জিলাখনৰ পৰা প্ৰেৰণ কৰা হৈছে আৰু ইয়াৰে ৬১১ টা নমুনাৰ প্ৰতিবেদন দৰং জিলা স্বাস্থ্য বিভাগৰ হাতত আহি পৰিছে । ইয়াৰে কোনোটো নমুনাতেই কভিড-১৯ ৰ উপস্থিতি ধৰা পৰা নাই বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in