মনত আছিল ভুল ধাৰণাঃ ড’নাল্ড টাম্পে ভাৱি আছিল তাজমহল নিৰ্মাণ কৰিছিল….

মনত আছিল ভুল ধাৰণাঃ ড’নাল্ড টাম্পে ভাৱি আছিল তাজমহল নিৰ্মাণ কৰিছিল….

ডিজিটেল ডেস্কঃ সোমবাৰে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে পত্নী আৰু জী-জোৱাঁইৰ সৈতে দৰ্শন কৰিলে তাজমহল। তাজমহলৰ সৌন্দৰ্যত মুগ্ধ হৈ ভিজিটৰ বুকত ট্ৰাম্পে লিখি থৈ আহিছিল নিজৰ মনৰ অনুভৱ। কিন্তু শেহতীয়াকৈ এটা খবৰ পোহৰলৈ আহিছে যে, মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীৰ তাজমহলক লৈ এটা ভুল ধাৰণা মনত পুহি ৰাখিছিল।

মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীক তাজমহল দৰ্শন কৰোৱা টুৰিষ্ট গাইড নিতিন সিং ওৰফে ৰিংকুয়ে এটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰিছে যে, মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে তাজমহলটো কোনো হিন্দু ৰজাই নিৰ্মাণ কৰা বুলি এটা ভুল ধাৰণা লৈ আছিল।' তেওঁ লগতে কয়, তাজমহলৰ দৰ্শনৰ সময়ত ট্ৰাম্প ডাঙৰীয়াই তাজমহলৰ ইতিহাসৰ বিষয়ে সুধিছিল। সকলো কোৱাৰ পাছতহে ট্ৰাম্প আৰু পত্নীৰ মনত তাজমহলক লৈ থকা ভুল ধাৰণা আঁতৰ হয়।

উল্লেখ্য যে, ট্ৰাম্প পৰিয়ালক তাজমহল দৰ্শন কৰোৱা নীতিন কুমাৰ সিঙে হলিউডৰ তাৰকাকো তেওঁ তাজমহল দেখুৱায়। কেৱল ট্ৰাম্প দম্পতিয়ে নহয় বিশ্বৰ যিমানবোৰ শীৰ্ষ স্থানীয় আৰু বিখ্যাত ব্যক্তি আগ্ৰাৰ তাজমহল চাবলৈ আহে তেওঁৰ ওপৰতে দায়িত্ব পৰে তাজমহল দেখুৱাৰ। তালিকাত আছে ব্ৰাজিলৰ ৰাষ্ট্ৰপতি বলচানাৰোৰ পৰা কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোলৈ অসংখ্য নাম। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেত্যানেহুকো তাজমহল দেখুৱাইছিল নীতিনে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in