ৰাষ্ট্ৰপতি ভৱনৰ ‘গাৰ্ড অৱ অনাৰ’ গ্ৰহণ কৰি মোবাইলত কাৰ ফটো তুলিলে ডোনাল্ড ট্ৰাম্পে…

ৰাষ্ট্ৰপতি ভৱনৰ ‘গাৰ্ড অৱ অনাৰ’ গ্ৰহণ কৰি মোবাইলত কাৰ ফটো তুলিলে ডোনাল্ড ট্ৰাম্পে…

ডিজিটেল ডেস্কঃ মঙলবাৰে পুৱা ৰাষ্ট্ৰপতি ভৱনত আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হয় মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প আৰু পত্নী মেলানীয়া ট্ৰাম্পক। দুদিনীয়া ভাৰত ভ্ৰমণ কাৰ্যসূচীৰে সোমবাৰে জী, জোঁৱাই আৰু পত্নীসহ ভাৰতত উপস্থিত হোৱা মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে মঙলবাৰে নিশা প্ৰায় ১০ বজাত ৩৬ ঘণ্টীয়া ভাৰত ভ্ৰমণ সামৰি স্বদেশলৈ উৰা মাৰিব।

তাৰ পূৰ্বে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাজঘাটত উপস্থিত হৈ জাতিৰ পিতা মহাত্মা গান্ধীৰ সমাধিত শ্ৰদ্ধাঞ্জলী নিবেদন কৰাৰ পিছত ভাৰত-আমেৰিকাৰ অৰ্থনৈতিক, বানিজ্যিক, প্ৰতিৰক্ষা আদি বিষয় সন্দৰ্ভত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে এক বৈঠকত মিলিত হ'ব। আনহাতে এই বৈঠকতে দুয়োখন ৰাষ্ট্ৰৰ মাজত কেইবাটাও চুক্তি হস্তান্তৰ হ'ব বুলি জানিব পৰা গৈছে।

মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীৰ প্ৰধানমন্ত্ৰীৰে বৈঠকৰ সমান্তৰালভাৱে দিল্লীৰ এখন চৰকাৰী বিদ্যালয়লৈ যাব ফাৰ্ষ্টলেডী মেলানীয়া ট্ৰাম্প। তাত তেওঁ প্ৰায় এঘণ্টা সময় অতিবাহিত কৰি দিল্লী চৰকাৰে চৰকাৰী বিদ্যালয়ত সংযোজন ঘটোৱা হেপীনেছ ক্লাছত অংশ ল'ব। লগতে ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে ভাৱ বিনিময়ো কৰিব মেলানীয়া ট্ৰাম্পে। ট্ৰাম্প পত্নীৰ এই চৰকাৰী বিদ্যালয় ভ্ৰমণ কাৰ্যসূচীক লৈ ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে দিল্লীৰ চৰকাৰী বিদ্যালয়ত।

ইফালে মঙলবাৰে ৰাষ্ট্ৰপতি ভৱনত ৰাজকীয় অভিনন্দন জ্ঞাপন কৰাৰ মুহূৰ্তত মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীক দেখা পোৱা গ'ল এক অন্য ৰূপত। হাতৰ মোবাইলটোৰে ৰাষ্ট্ৰপতি ভৱনত ফটো তুলি থকা এগৰাকী ফটোগ্ৰাফাৰৰ ৰূপত মঙলবাৰে দেখা যায় মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীক।

দৰাচলতে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প আৰু মেলানীয়া ট্ৰাম্পক আদৰিবলৈ ৰেড কাৰ্পেটৰ ওপৰতে খোজকাঢ়ি সেই সময়ত আহি আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। পিছে পিছে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। সেই সময়ত প্ৰধানমন্ত্ৰীগৰাকীৰ আগমণৰ প্ৰতীক্ষা কৰি ভাৰত-আমেৰিকাৰ শীৰ্ষ বিষয়াৰ সৈতে থিয় হৈ আছিল ডোনাল্ড ট্ৰাম্প আৰু মেলানীয়া ট্ৰাম্প। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পদচালনৰ সেই দৃশ্য ডোনাল্ড ট্ৰাম্পে নিজৰ মোবাইলত আবদ্ধ কৰিবলৈ জেপৰ পৰা মোবাইল উলিয়াই ফটো তুলিবলৈ লয়।

প্ৰণিধানযোগ্য যে, মাৰ্কিন ৰাষ্ট্ৰপতি আৰু ভাৰতৰ প্ৰধানমন্ত্ৰীৰ মাজত এক সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক আছে। সোমবাৰেও আহমেদাবাত অনুষ্ঠিত হোৱা 'নমস্তে ট্ৰাম্প' শীৰ্ষক অনুষ্ঠানত মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে নৰেন্দ্ৰ মোডীৰ উচ্চ প্ৰশংসা কৰাৰ লগতে তেওঁ এগৰাকী ভাল বন্ধু বুলি মন্তব্য কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও অনুষ্ঠানত প্ৰশংসাৰে উপচাই পেলাইছিল ডোনাল্ড ট্ৰাম্পক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in