শেহতীয়া খবৰ
ৰাজ্যত আকৌ কোৰোনাত আক্ৰান্ত ৮জনে হেৰুৱালে প্ৰাণ, মৃত্যু হোৱা লোকৰ সংখ্যা ৫৮৬জনলৈ বৃদ্ধি...  •  অসমত আকৌ ২০৭৩জনৰ কোভিড পজিটিভ...  •  ডিমাপুৰত গুলিবিদ্ধ অৱস্থাত উদ্ধাৰ ধেমাজিৰ যুৱক...  •  দৰঙত কোৰোনাত আক্ৰান্তৰ সংখ্যা ৩৬০৩ জনলৈ বৃদ্ধি...  •  মই কল্পনাই কৈছো- ‘ন্যায় লাগে মোক...’  •  চামগুৰিস্থিত পাৱাৰ গ্ৰীড ষ্টেচনত মন্ত্ৰী কেশৱ মহন্ত :বিদ্যুৎ ব্যাহত হোৱাত জ্বলাকলা খাইছে ৰাইজে...  •  বাতিল হোৱা এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত ছপাৰ দায়িত্বত আছিল বিজেপি নেতা...  •  মুখ্যমন্ত্ৰীয়ে উন্মোচন কৰিলে ড০ পানছাৰীৰ গ্ৰন্থ ‘বাতো বাতো মে’...  •  দেশত একেদিনাই সুস্থ হৈ উঠিল ১ লাখতকৈ অধিক কোৰোণাক্ৰান্ত ...  •  গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ হাটীবহাৰ পিছফালৰ পথত কৃত্ৰিম বানপানী...

অখিল গগৈক মুক্তিৰ দাবীত দলংঘাটত মানৱ শৃংখল কাৰ্যসূচী…

80


ডিজিটেল সংবাদ, বটদ্ৰৱাঃ কোৰোনা বিভীষিকাৰ মাজতে শুকুৰবাৰে বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত দলংঘাটত “নাগৰিকত্ব সংশোধনী আইন” বাতিল আৰু কৃষক নেতা অখিল গগৈকে ধৰি বন্দী কৰি ৰখা কা’ আন্দোলনকাৰী সকলক বিনা চৰ্তে মুক্তি কৰি দিয়াৰ দাবীত মৰিগাঁও জিলাৰ কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন কৰে।

প্ৰতিবাদকাৰীসকলৰ দাবী আগন্তুক দিনত চৰকাৰে অখিল গগৈক মুক্তি কৰি নিদিলে জংগী আন্দোলন গঢ়ি তোলা হ’ব।

শুকুৰবাৰৰ প্ৰতিবাদী কাৰ্য্যসূচীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মৰিগাঁও জিলাৰ সম্পাদক দেৱজিৎ পাটৰ, নগাঁও জিলাৰ হাতীযুঁজোৱা আঞ্চলিক সমিতিৰ সভাপতি ৰফিকুল ইছলাম , নগাঁও জিলাৰ কদমনি আঞ্চলিক সমিতিৰ সভাপতি ছফিকুল ইছলামকে প্ৰমুখ্য কৰি কেইবাগৰাকী ব্যক্তিয়ে অংশ গ্ৰহণ কৰে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি