ডকমকা কাণ্ডৰ ৪৭ অভিযুক্তক ডিফুৰ পৰা নগাঁও কাৰাগাৰলৈ স্থানান্তৰ

ডকমকা কাণ্ডৰ ৪৭ অভিযুক্তক ডিফুৰ পৰা নগাঁও কাৰাগাৰলৈ স্থানান্তৰ

ডিজিটেল সংবাদ, নগাঁওঃ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুযায়ী ডকমকা কাণ্ড গোচৰৰ বিচাৰ প্ৰক্ৰিয়া ডিফু আদালতৰ পৰা নগাঁও আদালতলৈ স্থানান্তৰ কৰাৰ প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ হৈছে।

এই অনুযায়ী মঙলবাৰে দিনৰ ভাগত ৰাজ্য জোকাৰি যোৱা উক্ত নৃশংস কাণ্ডৰ ৪৭জন অভিযুক্তক কাৰ্বি আংলং জিলাৰ সদৰ ডিফুৰ কাৰাগাৰৰ পৰা নগাঁৱলৈ লৈ অহা হয়। নগাঁৱলৈ আনি পোনে পোনে আটাইকেইজন অভিযুক্তক হাজিৰ কৰোৱা হয় জিলা সত্ৰ ন্যায়াধীশৰ আদালতত।

নগাঁও জিলা সত্ৰ ন্যায়াধীশ সংগীতা গগৈ বৰাৰ আদালতত হাজিৰ কৰোৱাৰ পিছতে কেউজন অভিযুক্তক নগাঁও কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়। এই কাণ্ডৰ সৈতে জড়িত মুঠ ৪৮জনক এতিয়ালৈকে চিনাক্ত কৰি বিচাৰ প্ৰক্ৰিয়া চলাই থকা হৈছে যদিও এজন নাবালক বাবে ৪৭ জনকহে আজি নগাঁৱলৈ লৈ অহা হয়।

উল্লেখ্য যে, চলিত বৰ্ষৰ জুন মাহত ডকমকাত সংঘটিত হৈছিল এই নৃশংস হত্যাকাণ্ড। গুৱাহাটীৰ পৰা ফুৰিবলৈ যোৱা দুই যুৱক নীলোৎপল দাস আৰু অভিজিৎ নাথক নিৰ্মমভাৱে প্ৰহাৰ কৰি হত্যা কৰিছিল ডকমকা অঞ্চলৰ স্থানীয় লোকসকলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in