চিকিৎসালয় এৰি ৰাজপথত ডাক্তৰ! কলকতাত চিকিৎসকক প্ৰহাৰৰ ঘটনাৰ বিৰুদ্ধে দেশজুৰি প্ৰতিবাদ

চিকিৎসালয় এৰি ৰাজপথত ডাক্তৰ! কলকতাত চিকিৎসকক প্ৰহাৰৰ ঘটনাৰ বিৰুদ্ধে দেশজুৰি প্ৰতিবাদ

ডিজিটেল ডেস্কঃ কলকতাত চিকিৎসকক প্ৰহাৰ কৰা ঘটনাৰ পিছতে দেশজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। চিকিৎসকৰ সুৰক্ষাৰ দাবীৰে প্ৰায় প্ৰতিখন ৰাজ্যৰ চিকিৎসক সকল ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। উল্লেখ্য যে, যোৱা ১১ জুনত কলকতাৰ এনআৰচি মেডিকেল এণ্ড হাস্পতালত এজন ৰোগীৰ মৃত্যুৰ পিছতে চিকিৎসকৰ ভুলৰ বাবে ৰোগীজনৰ মৃত্যু হোৱা বুলি অভিযোগ তুলি একাংশ দুস্কৃতিকাৰীয়ে আক্ৰমণ কৰিছিল ৩গৰাকীকৈ চিকিৎসকক। যাৰ ফলত গুৰুতৰভাৱে আহত হৈ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে জুনিয়ৰ চিকিৎসক কেইজন।

ইফালে চিকিৎসকৰ ওপৰত চলা এই আক্ৰমণৰ পিছতে সুৰক্ষাৰ প্ৰশ্ন উত্থাপন কৰিছে চিকিৎসকসকলে। ৰোগীক পুনৰ জীৱন দান কৰা চিকিৎসক সকলেই যদি এনে আক্ৰমণৰ পৰা নিস্তাৰ নাপায় তেন্তে নিজৰ দায়িত্ব কিদৰে পালন কৰিব বুলি প্ৰশ্ন কৰি নিজৰ সুৰক্ষাৰ দাবীৰে প্ৰতিবাদত বহে পশ্চিমবংগৰ চৰকাৰী হাস্পতালৰ চিকিৎসকসকলে।

চিকিৎসকসকলৰ এনে প্ৰতিবাদৰ ফলত চিকিৎসালয় সমূহত সৃষ্টি হোৱা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বৃহস্পতিবাৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে চিকিৎসকলক নিজৰ নিজৰ কৰ্তব্যলৈ উভতি যাবলৈ নিৰ্দেশ দিয়ে যদিও চিকিৎসকসকলে সেই নিৰ্দেশ মানি ল'বলৈ অস্বীকাৰ কৰে।

যেতিয়ালৈকে চিকিৎসকৰ সুৰক্ষা চৰকাৰে নিশ্চিত নকৰে, তেতিয়ালৈকে এই প্ৰতিবাদ অব্যাহত থাকিব বুলিও হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে। ইফালে কলকতাত চিকিৎসকক আক্ৰমণৰ আঁৰত বিজেপি জড়িত থকাৰ অভিযোগ তুলিছে মমতা বেনাৰ্জীয়ে।

আনহাতে কলকতাৰ চিকিৎসকৰ প্ৰতিবাদৰ পিছতে শুকুৰবাৰে অন্যান্য ৰাজ্যসমূহৰ চিকিৎসকলেও নিজৰ সুৰক্ষাৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰা দেখা গ'ল। কেৰালাৰ ত্ৰিবান্দ্ৰপুৰমত ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনৰ সদস্য চিকিৎসকসকলে হাতত প্লে' কাৰ্ড, বেনাৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰে।

ৰায়পুৰৰ ড০ ভীমৰাও আম্বেদকাৰী মেম'ৰিয়েল হাস্পতালৰৰ চিকিৎসক সকলেও হাতে হাতে 'আমাক ন্যায় লাগে' শ্ল'গানৰ প্লে'কাৰ্ড লৈ কলকতা কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

নাগপুৰতো চিকিৎসক সকলে শুকুৰবাৰে মূৰত বেণ্ডেজ মেৰিয়াই কলকতাৰ চিকিৎসক কাণ্ডৰ ন্যায় বিচাৰি ৰাজপথলৈ ওলাই অহা দেখা গ'ল। চিকিৎসক সকলে নিজৰ সুৰক্ষাৰ দাবীৰে কঁপাই তোলে ৰাজপথ। ইফালে শুকুৰবাৰে জয়পুৰ চিকিৎসালয়ৰ চিকিৎসকসকলে নিজৰ কৰ্তব্য পালনৰ সময়ত হাতত ক'লা ফিটা বান্ধি লৈ কলকতা কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

চিকিৎসকলৰ এনে প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত চৰকাৰী চিকিৎসালয়সমূহৰ ৰোগীসকল বিপাঙত পৰা পৰিলক্ষিত হৈছে। চিকিৎসক সকলৰ সেৱা বিৰতিৰ বাবে চৰকাৰী চিকিৎসালয় সমূহত বন্ধ হৈ পৰিছে জৰুৰীকালীন চিকিৎসাসমূহ।

যাৰ বাবে শুকুৰবাৰে পুৱা চিকিৎসাৰ বাবে দিল্লীৰ এইমছৰ অপিডিৰ বাহিৰত ৰ'ব লগা হয় ৰোগী আৰু আত্মীয়সকল। কেৱল এইমছতে নহয়, চিকিৎসকসকলৰ প্ৰতিবাদৰ ফলত প্ৰায়বোৰ ৰাজ্যৰ চৰকাৰী চিকিৎসালয়তে ৰোগী আৰু আত্মীয় সকলে চিকিৎসাৰ বাবে বাট চাই ৰ'ব লগা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in