‘১০ হাজাৰ টকা দি জামিন ল, নহলে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিম’, ধন লৈ দুৰ্নীতি নিবাৰক শাখাৰ হাতত গ্ৰেপ্তাৰ ডবকা থানাৰ অ’ চি, VIDEO

‘১০ হাজাৰ টকা দি জামিন ল, নহলে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিম’, ধন লৈ দুৰ্নীতি নিবাৰক শাখাৰ হাতত গ্ৰেপ্তাৰ ডবকা থানাৰ অ’ চি, VIDEO

ডিজিটেল সংবাদ, ডবকাঃ হোজাই জিলাৰ ডবকা আৰক্ষী থানাত বৃহস্পতিবাৰে নিশা গুৱাহাটীৰ পৰা অহা দুৰ্নীতি নিবাৰক শাখাৰ এটি দলে নিশা প্ৰায় ৮ বজাত অভিযান চলায়৷ অভিযান কালত এজন যুৱকৰ পৰা ১০ হাজাৰ টকাৰ ঘোচ লোৱাৰ অপৰাধত ডবকা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক গ্ৰেপ্তাৰ কৰা হয়৷

লগতে আৰক্ষী বিষয়াজনৰ গাড়ীৰ পৰা এটা বন্ধ খামত থকা নগদ ধনো জব্দ কৰে৷ প্ৰাপ্ত তথ্য অনুসৰি ডবকা আৰক্ষী থানাৰ অন্তৰ্গত চাংমাজি গাঁৱৰ আৰিফ উদ্দিন নামৰ এজন যুৱকৰ নামত ভুৱা গোচৰ তৰি জামিন দিয়াৰ নামত আৰক্ষী বিষয়াগৰাকীয়ে দহ হাজাৰ টকা বিচাৰিছিল৷ ধন নিদিলে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰাৰো ভাবুকি দিয়া বুলি আৰিফ উদ্দিন নামৰ যুৱকজনে অভিযোগ কৰে।

উপায়ন্তৰ হৈ আৰিফ উদ্দিনে অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাৰ লগত যোগাযোগ কৰে৷ দুৰ্নীতি নিবাৰক শাখাই এটি গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছিল৷ দুৰ্নীতি নিবাৰক শাখাৰ এজন উপ অধীক্ষকৰ নেতৃত্বত অহা এটি দলে বৃহস্পতিবাৰে নগাঁৱত অভিযোগ দাখিল কৰোতা আৰিফ উদ্দিনক লগ ধৰি ৰাসায়নিক পদাৰ্থ মিহলি টকাৰ এটি বন্ধ খাম দিয়ে আৰু আৰক্ষী বিষয়া নিলোৎপল ভূঞাক দিবলৈ কয়।

পাছত যুৱকজনে টকাৰ খামটো ডবকা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিলোৎপল ভূঞাক দি দুৰ্নীতি নিবাৰকৰ দলটোক খবৰ দিয়ে৷ সেই মৰ্মে দুৰ্নীতি নিবাৰকৰ দলটোৱে বৃহস্পতিবাৰে নিশা পোনে পোনে আহি আৰক্ষী বিষয়া গৰাকীৰ কোঠাত প্ৰৱেশ কৰে আৰু প্ৰথমে কোঠাৰ তালাচি চলাই কোঠাৰ ভিতৰত এ়কো নাপায়৷ তেওঁলোকে আৰক্ষী বিষয়াজনৰ এএছ-০২-ইউ-৬০৮২ নম্বৰৰ বাহনখনত তালাচী চলায় আৰু গাড়ীৰ ভিতৰৰ পৰা এটি খাম উদ্ধাৰ কৰে।

পাছত খামটোৰ পৰা সেই নিদিষ্ট ধনখিনি উদ্ধাৰ কৰি জব্দ কৰে৷ থানাৰ ভিতৰতে আৰক্ষী বিষয়াগৰাকীক মাৰাথান জেৰা কৰে দুৰ্নীতি নিবাৰকৰ দলটোৱে৷ জেৰাৰ অন্তত দলটোৱে আৰক্ষী বিষয়া গৰাকীক গ্ৰেপ্তাৰ কৰি গুৱাহাটীলৈ লৈ যায়৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in