মই দিৱন ডেকাই কৈছো, কি হৈছিল এছ আই পৰীক্ষাত…

মই দিৱন ডেকাই কৈছো, কি হৈছিল এছ আই পৰীক্ষাত…

ডিজিটেল ডেস্কঃ অসম আৰক্ষীৰ এছ আই পদৰ লিখিত পৰীক্ষাৰ প্রশ্নকাকত ফাদিলৰে নাম সাঙোৰ খাই পৰা দিৱন ডেকাই কিছু সময় পূৰ্বে এই ঘটনা সন্দৰ্ভত মন্তব্য ব্যক্ত কৰিছে। দিৱন ডেকাই লিখিছে- 'মই BJP ২৪ বছৰ কৰিছো ; দল আৰু চৰকাৰক কেতিয়াও মই বিপদত পৰিব নিদিওঁ ! যোৱা ২০/৯/২০২০ তাৰিখে হৈ যোৱা অসম আৰক্ষীৰ "SI" পৰীক্ষা পতা কোম্পানীটোৰ লগত মই জড়িত আছিলো ! মই ঠিক ১১ টা বাজি ২৮ মিনিটত What's App যোগে প্রশ্নকাকতখন পাইছিলোঁ । লগে লগে মই প্ৰদীপ কুমাৰ ছাৰক গৌতম মেছৰ জৰিয়তে অৱগত কৰিছিলোঁ । যিহেতু প্ৰদীপ কুমাৰ ছাৰ আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ সপোন আছিল যে অসম আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়াটো সম্পুৰ্ণ স্বচ্ছ আৰু নিকা ভাবে হওঁক ! লগে লগে প্রদীক কুমাৰ ছাৰ আৰু মুখ্যমন্ত্ৰী মহোদয়ে অসমৰ হাজাৰ হাজাৰ নিবনুৱাৰ কথা ভাবি তাৎক্ষণিক ভাৱে পৰীক্ষাটো বন্ধ কৰি দিয়ে , তাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছো । অসম আৰক্ষীৰ যিটো চক্ৰই প্ৰশ্ন কাকত ফাদিল কৰিছে তাত বহুত ডাঙৰ মানুহ জড়িত হৈ আছে । উক্ত চক্ৰটোত অসম আৰক্ষীৰ বহু কেইজন অসৎ বিষয়া জড়িত হৈ আছে । তাত এনেকুৱা এজন বিষয়াও জড়িত হৈ আছে যিজনে বহু মানুহক গুপ্ত হত্যা কৰিছে । তেওঁ মোৰ দৰে সৰু মানুহক যেতিয়াই তেতিয়াই মাৰি পেলাব পাৰে , যাৰ বাবে নিজৰ প্ৰাণৰ শংকাত অসম এৰি অন্য এখন ৰাজ্যত থিতাপি লব লগীয়া হল । যেতিয়া পৰিস্থিতি সম্পূৰ্ণভাবে শিথিল হয় মই নিজেই সকলো কথা মুকলিকৈ সংবাদ মাধ্যমৰ আগত অৱগত কৰিম । আৰু এটা কথা অপপ্ৰচাৰ চলিছে মোৰ নিজা কিবা ছপাশাল থকা বুলি ।
যদি তেনেকুৱা কিবা প্ৰমাণ দিব পাৰে অসম চৰকাৰক মোক ফাঁচী দিবলৈ আহ্বান জনালোঁ । শেষত অসম চৰকাৰলৈ এটাই অনুৰোধ মোৰ অনুপস্থিতিত মোৰ পৰিয়ালৰ সম্পূৰ্ণ সুৰক্ষাৰ দায়িত্ব লয় যেন।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in