দিছপুৰৰ অৱসৰপ্ৰাপ্ত অভিযন্তাৰ নৃশংস হত্যাকাণ্ডৰ অভিযুক্তক আটক, ওদালগুৰিৰ ডিমাকুচিৰ পৰা ক্ৰাইম ব্ৰাঞ্চে আটক কৰে বৰুৱাৰ পূৰ্বৰ গাড়ীচালক হিমাংশু নাৰ্জাৰীক

দিছপুৰৰ অৱসৰপ্ৰাপ্ত অভিযন্তাৰ নৃশংস হত্যাকাণ্ডৰ অভিযুক্তক আটক, ওদালগুৰিৰ ডিমাকুচিৰ পৰা ক্ৰাইম ব্ৰাঞ্চে আটক কৰে বৰুৱাৰ পূৰ্বৰ গাড়ীচালক হিমাংশু নাৰ্জাৰীক

ডিজিটেল সংবাদ, ওদালগুৰিঃ বিগত মঙলবাৰে নিশা গুৱাহাটী মহানগৰীৰ দিছপুৰ লাষ্টগেটত সংঘটিত নৃশংস হত্যাকাণ্ডত জড়িত থকাৰ সন্দেহত শুকুৰবাৰে ওদালগুৰিৰ পৰা এজন যুৱকক ক্ৰাইম ব্ৰাঞ্চে আটক কৰে। উল্লেখ্য যে, আৰক্ষী নিৰাপত্তাৰক্ষীৰে গিজগিজাই থকা দিছপুৰ লাষ্টগেটৰ দিছপুৰ আইন মহাবিদ্যালয় পথৰ ২০ নম্বৰ বাসগৃহত চিকিৎসক পত্নীৰে বসৱাস কৰা প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডৰ প্ৰাক্তন সদস্য তথা অৱসৰপ্ৰাপ্ত অভিযন্তা পৰেশ চন্দ্ৰ বৰুৱা(৭২)ৰ তেজেৰে লুতুৰি পুতুৰি হোৱা মৃতদেহ উদ্ধাৰ হৈছিল নিজ বাসগৃহৰ এটা কোঠাত। ইয়াৰ পাছতে সমগ্ৰ ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছিল।

কোনে কি কাৰণত এজন অৱসৰপ্ৰাপ্ত অভিযন্তাক হত্যা কৰিলে সেই সন্দৰ্ভত ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত‌ই নিজেই ঘটনাস্থলীত উপস্থিত হৈ হত্যাকাৰী সন্দৰ্ভত শীঘ্ৰে বিচাৰি উলিয়াবলৈ মহানগৰ আৰক্ষীক নিৰ্দেশ দিছিল। ইয়াৰ পাছতে সস্তম হৈ পৰিছিল মহানগৰ আৰক্ষীৰ লগতে ক্ৰাইম ব্ৰাঞ্চৰ দল। শুকুৰবাৰে ক্ৰাইম ব্ৰাঞ্চৰ এটা দলে ওদালগুৰি জিলাৰ ডিমাকুচি আৰক্ষী থানাৰ অন্তৰ্গত ১নং সোনাজুলি গাৱৰ নিজ বাসগৃহৰ পৰা এজন যুৱকক উক্ত হত্যাকাণ্ড সন্দৰ্ভত জড়িত থকাৰ সন্দেহত আটক কৰা বুলি ওদালগুৰি আৰক্ষীৰ সূত্ৰ‌ই সাংবাদিকক জানিবলৈ দিয়ে।

আটকাধীন যুৱকজনৰ নাম হিমাংশু নাৰ্জাৰী। পেছাত গাড়ী চালক হিচাপে কৰ্মৰত হিমাংশুৱে পূৰ্বে মৃত অভিযন্তা পৰেশ বৰুৱাৰ গাড়ী চলাইছিল। কিন্তু বিগত প্ৰায় দুমাহ পূৰ্বে চালক হিমাংশুক কামৰ পৰা উলিয়াই দিছিল বৰুৱাই। কিহৰ বাবে তেওঁক কামৰ পৰা উলিয়াই দিছিল সেই সন্দৰ্ভত জানিব পৰা হোৱা নাই যদিও সন্দেহ কৰা অনুসৰি হয়টো কিবা বাক বিতণ্ডাৰ পাছত চালকৰ কামৰ পৰা অব্যাহতি দিছিল আটকাধীন হিমাংশু নাৰ্জাৰীক।

এক সূত্ৰৰ পৰা প্ৰকাশ পোৱা তথ্য অনুসৰি হত্যাকাণ্ডৰ দিনাৰে পৰা মোবাইল ফোন বন্ধ হৈ আছিল হিমাংশুৰ। এই সন্দেহতে ক্ৰাইম ব্ৰাঞ্চৰ দলটোৱে সোধপোচৰ বাবে হিমাংশুক আটক কৰাৰো সন্দেহ কৰা হৈছে। ইতিমধ্যে আটকাধীন হিমাংশু নাৰ্জাৰীক ক্ৰাইম ব্ৰাঞ্চে নিজৰ জিম্মাত লোৱা বুলি জানিব পৰা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in