দিচৈত নগাৰ আগ্ৰাসন,মৰিয়নিত মোককচাং আৰু যোৰহাটৰ উপায়ুক্তৰ বৈঠক…

দিচৈত নগাৰ আগ্ৰাসন,মৰিয়নিত মোককচাং আৰু যোৰহাটৰ উপায়ুক্তৰ বৈঠক…

ডিজিটেল সংবাদ মৰিয়নি: মৰিয়নিৰ দিচৈভেলীত নগাৰ আগ্ৰাসনক কেন্দ্ৰ কৰি সীমান্তত উদ্ভৱ হোৱা পৰিস্থিতি সন্দৰ্ভত যোৰহাট আৰু মোককচাং জিলা প্ৰশাসনৰ বৈঠক অনুষ্ঠিত হয়।মৰিয়নিত অনুষ্ঠিত উপায়ুক্ত পৰ্যায়ৰ বৈঠকৰ পিচতেই দিচৈভেলীত অসম আৰু নাগালেণ্ডে স্থিতাৱস্থা বাহাল ৰখাৰ ক্ষেত্ৰত ঐক্যমত পোষন কৰা হয়।

বৈঠকত মোককচাং জিলাৰ আৰক্ষী অধীক্ষক আৰু উপায়ুক্তৰ লগতে যোৰহাটৰ এচ পি উপস্থিত থাকে।দুয়োৰাজ্যৰ আৰক্ষী বেটেলিয়ন দিচৈভেলীৰপৰা ঘুৰাই নিয়াৰ পোষকতা কৰাৰ লগতে নিৰপেক্ষ বাহিনী মোটায়েন কৰাৰ সিদ্ধান্ত গ্ৰহন কৰা হয়।অতিৰিক্ত আৰক্ষী অধীক্ষক পৰ্যায়ৰ দুয়োখন জিলাৰ সমন্বয় স্থাপনৰ বাবে এখন সমিতি গঠন কৰি উভয় ৰাজ্যই সীমান্তত শান্তি শৃংখলা বৰ্তাই ৰখাত গুৰুত্ব প্ৰদান কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in