শেহতীয়া খবৰ
শিৱসাগৰত ভয়ংকৰ পথ দুৰ্ঘটনা, তেজেৰে ৰাঙলী হ'ল ৰাজপথ, ট্ৰাক-মেজিকৰ সংঘৰ্ষত আহত ১২ জন  •  সন্ত্ৰাসবাদী সংগঠনৰ আত্মসমৰ্পণ এখন নাটক, বিজেপিয়ে বোকাখাটত সন্দেহযুক্ত বাংলাদেশীৰে সভা পাতিছেঃ শৃংখল চলিহা, VIDEO  •  ৰহাত শুকুৰবাৰে কিয় উদণ্ড লোকে বান্ধি প্ৰহাৰ কৰি, চুলি কাটি দিছিল আৰক্ষী বিষয়াক, চাওঁক VIDEO  •  অসহ্যকৰ! ৰহাত পৰিয়ালকেন্দ্ৰীক ঘটনাৰ তদন্তৰ বাবে যোৱা আৰক্ষী বিষয়াক বান্ধি প্ৰহাৰ, প্ৰাণ লোৱাৰ চেষ্টা বোৱাৰীক অত্যাচাৰৰ অভিযুক্তৰ, VIDEO  •  গণৰাজ্য দিৱসত কোন মন্ত্ৰীয়ে ক’ত কৰিব পতাকা উত্তোলন? পঢ়ক সৱিশেষ...  •  গণৰাজ্য দিৱসত কোন মন্ত্ৰীয়ে ক’ত কৰিব পতাকা উত্তোলন? পঢ়ক সৱিশেষ...  •  ভুল কাৰ? আৰক্ষীক পিটিবলৈ কেনেকৈ পালে ইমান সাহ?  •  আৰক্ষী-নিৰাপত্তাৰক্ষীৰ অভিযান অব্যাহত, জম্মু-কাশ্মীৰৰ আৱন্তিপোৰাত জেইছ-ই-মহম্মদৰ সন্ত্ৰাসবাদীৰ আত্মগোপন...  •  কেনেকৈ ক্ৰয় কৰিব ফিল্মফেয়াৰ বঁটা প্ৰদান অনুষ্ঠানৰ টিকট, মূল্য শুনিলেই আচৰিত হ'ব আপুনি...  •  কেনেকৈ ক্ৰয় কৰিব ফিল্মফেয়াৰ বঁটা প্ৰদান অনুষ্ঠানৰ টিকট, মূল্য শুনিলেই আচৰিত হ'ব আপুনি...

সমগ্ৰ বিশ্বৰ লগতে ঘিলামৰাতো বিশ্ব প্ৰতিবন্ধী দিৱস উদযাপন…

83

ডিজিটেল সংবাদ, ঢকুৱাখনা: এই পৃথিৱীত সকলোৰে সম অধিকাৰ, সম মৰ্যদাৰে জীয়াই থকাৰ অধিকাৰ আছে। সমাজৰ বাকী সকলৰ দৰেই বিশেষ ভাবে সক্ষম সকলৰো এই পৃথিৱীত আছে একেই অধিকাৰ।

কিন্তু বহু ক্ষেত্ৰত যেন তেওঁলোক বঞ্চিত হব লগা হৈছে নানা সা-সুবিধাৰ পৰা। যাৰ বাবেই বিশ্বই তেওঁলোকৰ অধিকাৰৰ বাবে মাত মতাৰ উদ্দেশ্য আজি আয়োজন কৰি আহিছে “বিশ্ব প্ৰতিবন্ধী দিৱস”।
সেয়ে অন্য প্ৰান্তৰ লগতে বিশ্ব প্ৰতিবন্ধী দিৱস মঙলবাৰে ঢকুৱাখনাৰ বৰদলনি (ঘিলামৰা) শিক্ষা খণ্ডৰ উদ্যোগত ৩২১ নং টেঙা-আম চাপৰি প্ৰাথমিক বিদ্যালয়ৰ সহযোগত উদযাপন কৰা হয়।

পুৱা পতকা উত্তোলনৰ উপৰিও ঘিলামৰা ৰাজপথত বিশেষভাৱে সক্ষম লৰা ছোৱালীক লৈ এক সমদল উলিওৱা হয় | সমদলৰ জৰিয়তে সমাজৰ মাজত বিশেষভাৱে সক্ষম লোকৰ ক্ষেত্ৰত সমদৃষ্টি প্ৰদানৰ অৰ্থে জন সচেতনতা সৃষ্টিৰ বিশেষ বাৰ্তা দিয়ে ছাত্ৰ ছাত্ৰী সকলে।

তাৰ উপৰিও চিত্রাঙ্কণ প্ৰতিযোগিতা , সাহিত্য ,সাংস্কৃতিক আৰু ক্ৰিয়া প্ৰতিযোগিতা অনুষ্ঠিত কৰি তেওঁলোকৰ সুপ্ত প্ৰতিভাৰ বিকাশৰ সুযোগ দিয়ে উদ্যোক্তা সকলে। মুকলি সভাত ঘিলামৰা অঞ্চলৰ বহু কেইগৰাকী বিশিষ্ট লোকে অংশগ্ৰহণ কৰি ভাষণ আগবঢ়ায় আৰু প্ৰতিযোগিতাত শ্ৰেষ্ঠ হোৱা সকলক বঁটা প্ৰদান কৰে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি