দেৱালীত ফটকা ফুটুৱাত উচ্চতম ন্যায়ালয়ৰ কিছু নিষেধাজ্ঞা, নিৰ্দেশ পালন কৰিবলৈ কাছাৰবাসীক অনুৰোধ উপায়ুক্ত লায়া মাদ্দুৰীৰ…

দেৱালীত ফটকা ফুটুৱাত  উচ্চতম ন্যায়ালয়ৰ কিছু নিষেধাজ্ঞা,  নিৰ্দেশ পালন কৰিবলৈ কাছাৰবাসীক অনুৰোধ উপায়ুক্ত লায়া মাদ্দুৰীৰ…

ডিজিটেল সংবাদ, শিলচৰঃ আগন্তুক কালী পূজা আৰু দেৱালীৰ প্রাক্ষণত ফটকা ফুটুৱাৰ ক্ষেত্রত দেশৰ সৰ্বোচ্ছ ন্যায়ালয়ে কিছুমান নিষেধাজ্ঞা জাৰি কৰিছে । শব্দ প্রদূষণ আৰু বায়ু প্রদূষণৰ প্রতি লক্ষ ৰাখি উচ্ছতম ন্যায়ালয়ে জাৰি কৰিছে এই নিষেধাজ্ঞা ।

কালীপুজা আৰু দেৱালীত এই নিৰ্দেশ কাৰ্যকৰী কৰিবলৈ ইতিমধ্যে কেন্দ্রীয় শাসিত অঞ্চল সহ দেশৰ সকলো ৰাজ্যৰ প্রদুষণ নিয়ন্ত্রণ বৰ্ডলৈ নিৰ্দেশ প্রেৰন কৰিছে উচ্ছতম ন্যায়ালয়ে । ইফালে, উচ্ছতম ন্যায়লয়ৰ নিৰ্দেশ পোৱাৰ পিচত সতৰ্ক হৈছে কাছাৰ জিলা প্রশাসন ।

কালী পূজা আৰু দেৱালীৰ দিনা নিশা দহ বজাৰ পৰা পিছদিনা ৰাতিপুৱা ছয় বজালৈ উচ্চ প্রাবল্যৰ ফটকা ফুটুৱাত নিষেধাজ্ঞা আৰোপ কৰিছে উচ্ছতম ন্যায়ালয়ে । ১৪৫ ডেছিবল প্রাবল্যত্যকৈ বেছি শব্দৰ ফটকা ফুটুৱাত বাধা আৰোপ কৰিছে ন্যায়ালয়ে ।

তদুপৰি, শিশু,বৃদ্ধ আৰু জীৱজন্তুৰ প্রতি লক্ষ ৰাখি ফটকা ফুটুৱাৰ ক্ষেত্রত নিদিৰ্ষ সময়ো বান্ধি দিছে সৰ্বোচ্ছ ন্যায়ালয়ে । ন্যায়ালয়ৰ নিৰ্দেশ মতে নিশা আঠ বজাৰ পৰা দহ বজালৈহে ফটকা ফুটুৱাব পাৰিব । কাছাৰৰ উপায়ুক্ত লায়া মাদ্দুৰীয়ে ন্যায়ালয়ৰ এই নিৰ্দেশ মানি চলিবলৈ কাছাৰবাসীক আবেদন জনাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in