কুকিলকন্ঠী গায়িকা দিপালী বৰঠাকুৰৰ আজি প্ৰথম মৃত্যু বাৰ্ষিকী…

কুকিলকন্ঠী গায়িকা দিপালী বৰঠাকুৰৰ আজি প্ৰথম মৃত্যু বাৰ্ষিকী…

ডিজিটেল ডেস্কঃ কুকিলকন্ঠী গায়িকা দিপালী বৰঠাকুৰৰ আজি প্ৰথম মৃত্যু বাৰ্ষিকী। ২০১৮ চনৰ ২১ ডিচেম্বৰতে গুৱাহাটীৰ নেমকেয়াৰ হস্পাতালত শেষ নিশ্বাস ত্যাগ কৰিছিল দিপালী বৰঠাকুৰে। প্ৰায় ১ সপ্তাহ ধৰি চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা পাছত সমগ্ৰ অসমবাসীক কন্দুৱাই চিৰদিনলৈ গুচি গৈছিল 'অসমৰ নাইটিংগেল' খ্যাত কুকিলকন্ঠী শিল্পীগৰাকী।

দিপালী বৰঠাকুৰৰ জীৱন পঞ্জীঃ

  • জন্ম- ১৯৪১ চনৰ ৩০ জানুৱাৰী
  • মৃত্যু- ২০১৮ৰ ২১ ডিচেম্বৰ
  • জন্মস্থান- নীলমণি চাহ বাগিচা
  • পিতৃৰ নাম- বিশ্বনাথ বৰঠাকুৰ
  • মাতৃৰ নাম- আইমণি বৰঠাকুৰ
  • ১৯৪৭ চনত প্ৰথম গায়িকা ৰূপে আত্মপ্ৰকাশ।
  • মইনা মেলৰ জৰিয়তে গায়িকা ৰূপে আত্মপ্ৰকাশ কৰিছিল দিপালী বৰঠাকুৰে।
  • ১৯৫৬ চনত সংগীত নাটক একাডেমীয়ে আয়োজন কৰা সংগীত প্ৰতিযোগীতাত শ্ৰেষ্ঠ সংগীত শিল্পীৰ খিতাপ লাভ।
  • অনাতাঁৰ কেন্দ্ৰৰো স্বীকৃতিপ্ৰাপ্ত শিল্পী আছিল দিপালী বৰঠাকুৰ।
  • ১৯৫৯ চনত ভোগালী নামৰ সংগীতালক্ষ্যত গীত পৰিৱেশন কৰিছিল দিপালি বৰঠাকুৰে।
  • ৫০ দশকত লতাশিলৰ বিহুতলীত গীত পৰিৱেশন কৰিছিল দিপালী বৰঠাকুৰে।
  • ১৯৬৮ চনত ২৭ বসছৰ বয়সত ধৰা পৰিছিল তেওঁৰ মটৰ-নিউৰণ ৰোগ।
  • বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল ১৯৭৬ চনত।
  • ১৯৯৮ চনত পদ্মশ্ৰী সন্মান যঁচা হৈচিল দিপালী বৰঠাকুৰক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in