আমাৰ অঞ্চলটোৰ সকলো লোকৰে মোৰ সফলতাৰ ক্ষেত্ৰত অৰিহণা আছেঃ দীপ শইকীয়া

আমাৰ অঞ্চলটোৰ সকলো লোকৰে  মোৰ সফলতাৰ ক্ষেত্ৰত অৰিহণা আছেঃ দীপ শইকীয়া

ডিজিটেল সংবাদ, কামপুৰঃ নগাঁও জিলাৰ  ননৈ কুমাৰ গাঁৱৰ অনন্তৰাম শইকীয়া আৰু অনিমা শইকীয়াৰ পুত্ৰ দীপ শইকীয়াই বুধবাৰে ঘোষণা হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰত অষ্টম স্থান দখল কৰি নগাঁৱৰ ননৈ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। ননৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়ণ কৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ আটাইকেইটা বিষয়ত লেটাৰ মাৰ্কসহ অষ্টম স্থান লাভ কৰি সৰ্বমুঠ ৫৮৬ নম্বৰ লাভ কৰিবলৈ সক্ষম হয় ছাত্ৰ গৰাকীয়ে।

পুত্ৰৰ ফলাফলত উচুপি উঠিল দীপ শইকীয়াৰ ৰোগাগ্ৰস্ত মাতৃ অনিমা শইকীয়া৷ বিজ্ঞান শাখাত অধ্যয়ণ কৰি জীৱনত এজন সুদক্ষ অভিযন্তা হোৱাৰ আশা মনত পুহি ৰাখিছে বুলি জানিবলৈ দিছে মেধাৱী ছাত্ৰ গৰাকীয়ে।

পোন প্ৰথম বাৰৰ বাবে নগাঁও জিলাৰ ননৈ অঞ্চলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ দীপ শইকীয়াই আজুৰি অনা সাফল্যত উৎফুল্লিত হৈ পৰিছে ননৈবাসী। সকলো লোকে দীপক অভিনন্দন জনোৱাৰ লগতে ননৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ঢোলে ডগৰে আনন্দৰ বণ্যা পৰিলক্ষিত হয়৷

ইফালে বিদ্যালয় কৰ্তৃপক্ষৰ লগতে ছাত্ৰ-ছাত্ৰী আৰু ননৈবাসীয়ে মেধাৱী ছাত্ৰ গৰাকীক লৈ এক শুভাযাত্ৰা বাহিৰ কৰে। শোভাযাত্ৰাত সকলো লোকে আনন্দ ফুৰ্তি কৰা পৰিলক্ষিত হয়।

নিজৰ ফলাফলত উৎফুল্লিত বুলি মন্তব্য কৰি দীপে কয়, দৈনিক মই ৫ ৰ পৰা ৬ ঘ্টা পঢ়িছিলো। মা, দেউতাৰ লগতে বিদ্যালয় কৰ্তৃপক্ষ আৰু আমাৰ গোটেই অঞ্চলটোৰে মোৰ সফলতাৰ ক্ষেত্ৰত অৰিহণা আছে।

উল্লেখ্য যে, তেওঁৰ লগতে অষ্টম স্থান লাভ কৰিবলৈ সক্ষম হৈছে বাক্সাৰ চেন্ট জনছ হায়াৰ চেকণ্ডাৰী স্কুলৰ ইভান কাশ্যপ কলিতা, কামৰূপৰ আগদলা চাৰিআলি হাইস্কুলৰ বৰষা ডেকা, নগাঁৱৰ বেবেজিয়া পিকে এইছ এছ স্কুলৰ নিশিতা খাটনিয়াৰ, নগাঁও চৰকাৰী লৰা উচ্চতম মাধ্যমিক বিদ্যালয়ৰ ইশাণ ভূঞা, শিৱসাগৰৰ গৌৰীসাগৰ এইছ এছ ইণ্ডাষ্ট্ৰিয়েল ইনষ্টিটিউটৰ দেৱশ্ৰী শইকীয়াকে আদি কৰি মুঠ ৬গৰাকী ছাত্ৰ-ছাত্ৰীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in