বিশিষ্ট শিক্ষাবিদ প্ৰয়াত ডিম্বেশ্বৰ চৌধুৰীৰ সোঁৱৰণত স্মৃতিগ্ৰন্থ উন্মোচন…

বিশিষ্ট শিক্ষাবিদ প্ৰয়াত ডিম্বেশ্বৰ চৌধুৰীৰ সোঁৱৰণত স্মৃতিগ্ৰন্থ উন্মোচন…

ডিজিটেল ডেস্কঃ অসমৰ শৈক্ষিক পৰিমণ্ডলৰ ব্যতিক্ৰমী শিক্ষাবিদ, নলবাৰী কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডিম্বেশ্বৰ চৌধুৰীৰ প্ৰথম মৃত্যু বাৰ্ষিকী যোৱা ১৩ ছেপ্তেম্বৰত নিজ বাসগৃহত অনুষ্ঠিত হৈ যায়। অসম আন্দোলনৰ সংগ্ৰামী নেতা তথা শিক্ষাবিদ চৌধুৰীৰ পৱিত্ৰ সোঁৱৰণত নলবাৰী ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণ একাডেমীয়ে প্ৰকাশ কৰি উলিওৱা অক্লান্ত যোদ্ধা নামৰ স্মৃতিগ্ৰন্থথন উন্মোচন কৰে নলবাৰী কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ প্ৰমোদ বৈশ্যই।

গুৱাহাটী কৰ্মাচ কলেজৰ অধ্যক্ষ ড০ হোমেশ্বৰ কলিতাৰ পৌৰাহিত্যত অনুস্থিত সোঁৱৰণী সভাখনত কটন কলেজৰ অৱসৰী অধ্যাপক ড০ তাৰকেশ্বৰ চৌধুৰী, ডি এচ আৰৰ অধ্যাপক লাচিত ডেকা, আৰ্য বিদ্যাপীঠ কলেজৰ অধ্যাপক ড০ গনেশ চৌধুৰী, বৰনগৰ কলেজৰ অধ্যক্ষ ড০ বীৰেন্দ্ৰ কুমাৰ চক্ৰৱৰ্তী, পাটকাৰকুছিৰ সংগ্ৰামী মঞ্চৰ অমৰেন্দ্ৰ ডেকা, টিহু সংগ্ৰামী মঞ্চৰ হৰগোবিন্দ মেধি আদিয়ে প্ৰয়াত চৌধুৰীক এক আপোচহীন বিশাল ব্যক্তিত্বৰ অধিকাৰী, ক্ৰীড়াবিদ, সমাজ সংগঠক আৰু বৰণীয় শিক্ষাবিদ হিচাপে অভিহিত কৰে।

ৰাসায়ন বিভাগৰ অধ্যাপক লাচিত ডেকাই আঁত ধৰা অনুষ্ঠানটিত ৰামপুৰ, সৰ্থেবাৰী, পাঠশালা, টিহু, নলবাৰী আদিৰ পৰা অসংখ্য গুণমুগ্ধই অংশগ্ৰহণ কৰি প্ৰয়াত ডিম্বেশ্বৰ চৌধুৰীৰ প্ৰতি শ্ৰদ্ধাঞ্জলী অৰ্পণ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in