ডিমাকুছিত জঘন্য ঘটনা, এখন চাইকেলৰ বাবে পিতৃক হত্যা

ডিমাকুছিত জঘন্য ঘটনা, এখন চাইকেলৰ বাবে পিতৃক হত্যা

ডিজিটেল সংবাদ, ওদালগুৰিঃ  শনিবাৰে নিশা ডিমাকুছিত সংঘটিত হ'ল এক চাঞ্চল্যকৰ ঘটনা। সাধাৰণ এখন চাইকেল নোপোৱাৰ বাবে নিশা পিতৃক খৰিৰে মৰিয়াই মৰিয়াই হত্যা কৰে পুত্ৰই। হত্যাকাৰী পুত্ৰই সুৰামত্ত অৱস্থাত নিশা এই ঘটনা সংঘটিত কৰে। এই জঘন্য হত্যাকাণ্ড সংঘটিত হয় ডিমাকুছি থানাৰ অন্তৰ্গত বৰঙাবাৰীৰ হাবিবস্তী গাঁৱত৷

ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটিত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। পুত্ৰ সন্তোষ কুজুৰৰ চাইকেলখন কেইদিনমানৰ আগতে পিতৃ ব্যৰ্থ কুজুৰে লৈ গৈছিল। তাৰপাছত চাইকেলখন সময় মতে বিচাৰি নোপোৱাৰ বাবেই এনেদৰে নিৰ্মমভাৱে পিতৃক হত্যা কৰে সন্তোষে।

ঘটনাস্থলীত ডিমাকুছি আৰক্ষী থানাৰ আৰক্ষী বিষয়া উপস্থিত হৈ নিশাই গ্ৰেপ্তাৰ কৰে সন্তোষক। বৰ্তমান আৰক্ষীৰ জিম্মাত আছে হত্যাকাৰী পুত্ৰ সন্তোষ কুজুৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in