ডিমা হাচাও জিলাৰ প্ৰাথমিক বিদ্যালয়ৰ পানী যোগান কেলেংকাৰীঃ মুখ্যমন্ত্ৰীৰ ভিজিলেঞ্চ চেলত গোচৰ তৰিব প্ৰাক্তন বিধায়কে

ডিমা হাচাও জিলাৰ প্ৰাথমিক বিদ্যালয়ৰ পানী যোগান কেলেংকাৰীঃ মুখ্যমন্ত্ৰীৰ ভিজিলেঞ্চ চেলত গোচৰ তৰিব প্ৰাক্তন বিধায়কে

ডিজিটেল ডেস্কঃ ডিমা হাচাও জিলাত সৰ্বশিক্ষা অভিযানৰ অধীনত প্ৰাথমিক বিদ্যালয়সমূহত খোৱা পানী প্ৰকল্পৰ নামত সংঘটিত হোৱা দুৰ্নীতি সন্দৰ্ভত গোচৰ ৰুজু কৰিব প্ৰাক্তন বিধায়ক সমৰজিৎ হাফলংবাৰে। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে তেওঁ এই কথা ঘোষণা কৰিছে।

পাৰ্বত্য জিলাখনৰ প্ৰাথমিক বিদ্যালয়ত খোৱা পানীৰ প্ৰকল্প নিৰ্মাণৰ বাবে সৰ্বশিক্ষা অভিযানৰ অধীনত প্ৰতিখন বিদ্যালয়ৰ বিপৰীতে ৪.৫ লাখকৈ টকা নিৰ্ধাৰণ কৰা হৈছিল।সৰ্বশিক্ষাৰ এই প্ৰকল্পই জিলাখনৰ মুঠ ১৯৮ খন প্ৰাথমিক বিদ্যালয়ক সামৰি লৈছিল।

চৰকাৰৰ ৰেকৰ্ড মতে এই বিদ্যালয়সমূহত নিৰ্মাণ কৰি থকা খোৱা পানীৰ প্ৰকল্পৰ কাম ৫০ শতাংশ সম্পূৰ্ণ হৈছে। কিন্তু প্ৰকৃততে বহু বিদ্যালয়তে এই প্ৰকল্পৰ কামেই আৰম্ভ কৰা নাই। সমান্তৰালভাৱে আন ক'ৰবাত প্ৰাককলন অনুসৰি প্ৰকল্পৰ নিৰ্মাণৰ কাম হোৱা নাই। কিন্তু চৰকাৰৰ ওচৰত পানী যোগান প্ৰকল্পৰ কাম ৫০ শতাংশ সম্পূৰ্ণ হোৱাৰ ভুৱা তথ্য দি প্ৰকল্পৰ ধন মুকলাই নিছে।

জিলাখনত প্ৰাথমিক বিদ্যালয়সমূহত সৰ্বশিক্ষাই খোৱা পানী যোগানৰ বাবে লোৱা এই প্ৰকল্পত এইদৰে দুৰ্নীতি সংঘটিত হোৱাৰ বাবে এসপ্তাহৰ ভিতৰত ইয়াৰ সঠিক তদন্ত কৰিবলৈ আহ্বান জনাইছে প্ৰাক্তন বিধায়ক সমৰজিৎ হাফলংবাৰে।

আনহাতে ডিমা হাচাওৰ বহু চৰ্চিত এই প্ৰকল্পৰ সঠিক তদন্ত নকৰিলে উন্নয়ন খণ্ড অনুসৰি প্ৰতিখন আৰক্ষী থানাত জিলা প্ৰকল্প অভিজন্তা আৰু জিলা মিছন কো-অৰ্ডিনেটৰৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ ভিজিলেঞ্চ চেলৰ অধীনত গোচৰ ৰুজু কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলিও জনাইছে সমৰজিৎ হাফলংবাৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in