শেহতীয়া খবৰ
দিল্লীত বিধ্বংসী অগ্নিকাণ্ড...  •  ডিব্ৰুগড়ত পুৱা ৮ বজাৰ পৰা দিনৰ ২ বজালৈ শিথিল সান্ধ্য আইন...  •  ক্ৰমান্বয়ে গুৱাহাটীলৈ ঘূৰি আহিছে স্বাভাৱিক পৰিৱেশ...  •  ‘কেব’ ‘কা’ (CAA) হ’ল!  •  অসম আৰক্ষীত ব্যাপক সালসলনি...  •  নাৰী সুৰক্ষাৰ ওপৰত সজাগতা সৃষ্টিৰ বাবে দিল্লীত মহিলা কংগ্ৰেছৰ সমদল...  •  নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে দিল্লীৰ ৰাজপথত জামিয়া বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ প্ৰতিবাদ  •  নাৰীজনিত অপৰাধৰ বিৰুদ্ধে দিল্লী চৰকাৰৰ অভিযানঃ স্কুল-কলেজৰ ছাত্ৰক দিয়া হ’ব এই শপত...  •  জম্মু-কাশ্মীৰৰ ৰাজৌৰী চেক্টৰত পাকিস্তানৰ যুদ্ধ বিৰতি উলংঘন, সামান্যভাৱে আহত ২ ভাৰতীয় জোৱান  •  CAA বিৰোধী প্ৰতিবাদত উত্তপ্ত উত্তৰ পূবঃ শংকিত অমিত শ্বাহে বাতিল কৰিলে শ্বিলং ভ্ৰমণ...

পুৱা ৫ বজাত ১০৮টা বেলগছৰ পাতেৰে শিৱ পূজা, ‘বডি লেংগুৱেজ’ৰে নিৰ্বাচনত বিজয়ৰ সংকেত দিলীপ শইকীয়াৰ

236

ডিজিটেল সংবাদ, মঙলদৈঃ মঙ্গলদৈত ভোটাৰৰ “বডি লেংগুৱেজ”ৰে নিৰ্বাচনত বিজয়ৰ সংকেত পালে বিজেপি দলৰ প্ৰাৰ্থী দিলীপ শইকীয়াই। বৃহস্পতিবাৰে মঙ্গলদৈ লোকসভা সমষ্টিৰ বাবে অনুষ্ঠিত হোৱা নিৰ্বাচনৰ প্ৰায় পঞ্চাশ শতাংশ ভোটগ্ৰহণ চলি থকা সময়তেই বিজেপি প্ৰাৰ্থী গৰাকীয়ে ‘অসমীয়া প্ৰতিদিন’ৰ সৈতে এক সাক্ষাৎকাৰত এই কথা সদৰি কৰে। ৰাতিপুৱা পাচঁ বজাত ১০৮ টা বেলগছৰ পাতেৰে শিৱ পূজা কৰি সাত বজাত নিজ সমষ্টি নলবাৰীৰ পূৰণা সন্ধি বালিকা প্ৰাথমিক বিদ্যালয়ত নিজৰ ভোটদান কৰা বি জে পি প্ৰাৰ্থী গৰাকীয়ে এইবাৰ পূৰ্বতকৈ ভোটদানৰ পৰিমাণ বৃদ্ধি হৈ ৮৫-৯০ শতাংশ হ’ব বুলি আশা প্ৰকাশ কৰে।

বিজেপি প্ৰাৰ্থী গৰাকীয়ে জনাই যে, তেওঁ ভোটদানৰ সময়ত মঙ্গলদৈ সমষ্টিৰ বিভিন্ন ভোটগ্ৰহণ কেন্দ্ৰত গৈ ভোটাৰক লগ কৰোতে তেওঁক প্ৰদৰ্শন কৰা সহাৰি তথা “বডি লেংগুৱেজ”ৰ বাবে তেওঁৰ সপেক্ষে অধিক ভোটদান হোৱাৰ ইংগিত পাইছে। আৰু ইয়ে নিৰ্বাচনত তেওঁৰ বিজয়ৰ সংকেত দিয়া বুলি প্ৰকাশ কৰে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি