অসমৰ মন্ত্ৰী সভাত অন্তৰ্ভুক্ত হ’ব গোবিন্দ বসুমতাৰী : সাংসদ দিলীপ  শইকীয়া

অসমৰ মন্ত্ৰী সভাত অন্তৰ্ভুক্ত হ’ব গোবিন্দ বসুমতাৰী : সাংসদ দিলীপ শইকীয়া

 অতি শীঘ্ৰই অসমৰ মন্ত্ৰী সভাত অন্তৰ্ভুক্ত হ'ব গোবিন্দ বসুমতাৰী : সাংসদ দিলীপ  শইকীয়া  

ডিজিটেল সংবাদ,ওৰাং : শুকুৰবাৰে মাজবাটত উপস্থিত হয় মঙ্গলদৈ লোক সভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া। মাজবাটত উপস্থিত হৈয়ে প্ৰথমে মহলীয়া পাৰা আদৰ্শ চিকিৎসালয়ত কভিড পৰিস্থিতিৰ বুজ লয় সাংসদ জনে। ইয়াৰে পিছতে মাজবাট চহৰত খাদ্য সামগ্ৰী বিতৰন অনুষ্ঠানত উপস্থিত হ'য়। মাজবাট চহৰ আৰু লামাবাৰি চাহ বাগিচাত কেইবাটাও দৰিদ্ৰ পৰিয়ালক খাদ্য সামগ্ৰী বিতৰন কৰে। খাদ্য সামগ্ৰী বিতৰন কৰি কোভিডৰ বিৰুদ্ধে সকলোকে সজাগ সচেতন হোৱাৰ লগতে কোভিডৰ বিৰুদ্ধে যুঁজ দি থকা স্বাস্থ্য বিভাগক সহযোগ আগবাঢ়বলৈ অনুৰোধ জনায়। সাংবাদিকৰ আগত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে সাংসদ গৰাকীয়ে। শীঘ্ৰেই বিটিচিত গঠন হ'ব ৮ খনকৈ পৌৰ সভা।

বিটিচিত নতুনকৈ পৌৰ সভা গঠন কৰি নগৰীয়া সা সুবিধা প্ৰদান কৰা হ'ব আৰু বিটিচিত নতুনকৈ গঠন কৰা পৌৰ সভাৰ নিৰ্বাচন সমগ্ৰ অসমৰ পৌৰ সভাৰ নিৰ্বাচনৰ লগতে একে সময়তে অনুষ্ঠিত হ'ব । ইয়াৰ উপৰিও তেওঁ বিটিচিৰ ভি চি ডি চি সমূহৰ নিৰ্বাচনৰ কথা উল্লেখ কৰি কয় যে কোভিড পৰিস্থিতি নিয়ন্ত্ৰণ হলেই বিটিচিত ভি চি ডি চিৰ নিৰ্বাচন অনুষ্ঠিত কৰা হ'ব। বিটিচিত ভি চি ডি চিৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে বিজেপি চৰকাৰ আগ্ৰহী বুলি গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে দিলীপ শইকীয়াই। ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰ খনৰ এমহীয়া কাৰ্যকালক প্ৰশংসা কৰি কয় যে এমাহৰ ট্ৰেইলাৰ হিচাপে ২৪ × ৭ ২৪ ঘন্টাই ৰাইজৰ স্বাৰ্থত সচিবালয় খোলা ৰখাৰ আৰু অসমৰ মাটি-ভেটি, কৃষ্টি, সভ্যতা সংস্কৃতি ৰক্ষাৰ স্বাৰ্থত, নিবনুৱা যুৱক-যুৱতীৰ কৰ্ম সংস্থাপন আৰু ৰাইজৰ জনকল্যাণমূলক আঁচনিৰ বাবে চৰকাৰে কাম কৰাৰ এইয়া আৰম্ভনিহে।

বিজেপি দলে নিৰ্বাচনৰ পূৰ্বে ৰাইজক প্ৰদান কৰা প্ৰতিশ্ৰুতি পালন কৰিবলৈ দায়বদ্ধ বুলি মত প্ৰকাশ কৰি সাংসদ গৰাকীয়ে অৰুনোদয় আঁচনিৰ সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে, যি সকল যোগ্য হিতাধিকাৰীৰ নাম অৰুনোদয় আঁচনিৰ পৰা বাদ পৰিছে তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰাৰ বাবে জুলাই মাহতো অৰুনোদয় মাহ হিচাপে ঘোষণা কৰাৰ কথা প্ৰকাশ কৰে।লগতে ৰাজনৈতিক বিষয়ো কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে সাংসদ গৰাকীয়ে। শেহতীয়াকৈ চৰ্চাত থকা বিচিটিৰ এটা ৰাজনৈতিক বিষয়ৰ ওপৰত বিশেষ মন্তব্য প্ৰদান কৰে সাংসদ দিলীপ শইকীয়াই। বিটিচিৰ উপ মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰীয়ে অসমৰ মন্ত্ৰী সভাত অন্তৰ্ভুক্তৰ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি কয়, অতি শ্ৰীঘ্ৰেই বিটিচিৰ উপ মুখ্য কাৰ্যবাহী সদস্য তথা ওদালগুৰি বিধানসভা সমষ্টিৰ বিধায়ক গোবিন্দ বসুমতাৰীক অসম চৰকাৰৰ মন্ত্ৰী সভাত অন্তৰ্ভুক্ত হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in