বিখ্যাত গণিতজ্ঞ তথা প্ৰবাসী অসমীয়া, প্ৰধ্যাপক ড০ দিলীপ কুমাৰ দত্তৰে মত-বিনিময় চ’লা হাইস্কুলৰ ছাত্ৰ-ছাত্ৰীৰ

বিখ্যাত গণিতজ্ঞ তথা প্ৰবাসী অসমীয়া, প্ৰধ্যাপক ড০ দিলীপ কুমাৰ দত্তৰে মত-বিনিময় চ’লা হাইস্কুলৰ ছাত্ৰ-ছাত্ৰীৰ

ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাট জিলাৰ অন্যতম শিক্ষানুষ্ঠান বনগাঁও চ'লা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে বিখ্যাত গণিতজ্ঞ, প্ৰবাসী অসমীয়া তথা আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰদ আইলেণ্ড বিশ্ববিদ্যালয়ৰ এমিৰেটছ প্ৰধ্যাপক ড০ দিলীপ কুমাৰ দত্তৰ সৈতে এক অন্তৰংগ আলাপাত মিলিত হয়। বিদ্যালয়ৰখনৰ এক নিজস্থ পৰিকল্পনা 'সচেতনতা আঁচনি'ৰ অধীনত ছাত্ৰ-ছাত্ৰীসকলে অসমীয়া সাহিত্যৰ অন্যতম গৱেষক ড০ দত্তৰ যোৰহাটস্থ নিজা বাসভৱনত সাক্ষাৎ কৰি প্ৰেৰণামূলক উপদেশ গ্ৰহণ কৰে।

প্ৰধ্যাপক ড০ দত্তই ছাত্ৰ-ছাত্ৰীসকলক অধ্যয়ণৰ ক্ষেত্ৰত কেনেদৰে ভয়-শংকা আঁতৰাব পাৰি লগতে মনত ৰখাৰ কৌশল, গণিতৰ মনোগ্ৰাহী দিশসমূহৰ সম্পৰ্কত বিতংভাৱে পৰামৰ্শ আগবঢ়ায়। ছাত্ৰ-ছাত্ৰীসকলৰ নেতৃত্ববহন কৰা বিদ্যালয়খনৰ সহযোগী শিক্ষয়িত্ৰী গিৰিমল্লিকা শইকীয়াই জানিবলৈ দিয়ে যে, বিখ্যাত গণিতজ্ঞ গৰাকীৰে ছাত্ৰ-ছাত্ৰীসকলৰ লগত হোৱা এই অন্তৰংগ আলাপে ছাত্ৰ-ছাত্ৰীসকলক উপকৃত কৰিব। সূদূৰ আমেৰিকা যুক্তৰাষ্ট্ৰ পৰা জন্মভূমিত উপস্থিত হোৱা সাহিত্যিক গৰাকীৰ সৈতে ছাত্ৰ-ছাত্ৰীৰ দলটোৱে কবিতা, ভূপেন হাজৰিকাৰ কালজয়ী গীত আদি পৰিৱেশেন এটি সুন্দৰ আবেলিৰ জীপাল কৰি তোলা বুলি শিক্ষয়িত্ৰী গিৰিমল্লিকা শইকীয়াই জানিবলৈ দিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in