বিতৰ্কিত মন্তব্যৰ বাবে ক্ষমা নোখোজে পশ্চিম বংগ বিজেপিৰ সভাপতি দিলীপ ঘোষে…

বিতৰ্কিত মন্তব্যৰ বাবে ক্ষমা নোখোজে পশ্চিম বংগ বিজেপিৰ সভাপতি দিলীপ ঘোষে…

ডিজিটেল ডেস্কঃ নিজৰ মন্তব্যক লৈ ক্ষমা নোখোজে পশ্চিম বংগ বিজেপিৰ সভাপতি দিলীপ ঘোষে। 'কা' বিৰোধী প্ৰতিবাদত ৰাজহুৱা সম্পত্তি ধ্বংস কৰা সকলক উত্তৰ প্ৰদেশ, অসম আৰু কৰ্ণাটকৰ বিজেপি চৰকাৰক অনুসৰণ কৰি কুকুৰৰ দৰে গুলীয়াই হত্যা কৰিব লাগে বুলি কিছুদিন পূৰ্বে মন্তব্য কৰিছিল দিলীপ ঘোষে। বিজেপি নেতাজনৰ এনে বিতৰ্কিত মন্তব্যৰ পিছতে দেশজুৰি সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়া। বিভিন্ন জনে এনে মন্তব্যৰ বাবে বিজেপি নেতাজনক ক্ষমা খোজাৰো দাবী জনায়।

সোমবাৰে সংবাদ মাধ্যমৰ সন্মুখত ক্ষমা খুজিবলৈ অস্বীকাৰ কৰি দিলীপ ঘোষে কয় যে তেওঁ যি মন্তব্য কৰিছিল, সেয়া সম্পূৰ্ণ শুদ্ধ। পশ্চিম বংগত যিসকলে ৰাজহুৱা সম্পত্তিৰ ক্ষতিসাধন কৰে, সেইসকলক গুলীয়াই মাৰিব লাগে বুলি পুনৰ এবাৰ মন্তব্য কৰে বিজেপিৰ এইজন নেতাই। তেওঁ কয়, 'যদি কোনোবাই ভাৱে যে মই ভুল মন্তব্য কৰিছো, তেন্তে প্ৰথমে পশ্চিম বংগ চৰকাৰৰ পৃষ্ঠপোষকতাত যিসকলে শান্তিপূৰ্ণ সমদলত অংশ লোৱা প্ৰতিবাদকাৰীসকলৰ ওপৰত গুলীচালনা কৰে, সেইসকলে প্ৰথমে ক্ষমা খোজা উচিত।'

উল্লেখ্য যে, নাগৰিকত্ব সংশোধনী আইনৰ সমৰ্থন কৰিবলৈ গৈ প্ৰায়ে বিতৰ্কিত মন্তব্য কৰি আহিছে বিজেপি নেতাসকলে। শেহতীয়াকৈ পশ্চিম বংগৰে বিজেপি সাংসদ সৌমিত্ৰ খানে 'কা'ৰ সমৰ্থন কৰা বুদ্ধিজীৱী সকলক মমতা বেনাৰ্জী আৰু তৃণমূল কংগ্ৰেছৰ পোহনীয়া কুকুৰ বুলি মন্তব্য কৰাক লৈ পুনৰ সৃষ্টি হৈছে তীব্ৰ বিতৰ্কৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in