গৃহ মন্ত্ৰীৰে সীমা বিবাদ নিস্পত্তিৰ বৈঠকত দিহিংপাটকাইত অৰুণাচলীৰ বেদখলৰ বিষয়টোৱে স্থান লাভ কৰিবনে

গৃহ মন্ত্ৰীৰে সীমা বিবাদ নিস্পত্তিৰ বৈঠকত দিহিংপাটকাইত অৰুণাচলীৰ বেদখলৰ বিষয়টোৱে স্থান লাভ কৰিবনে

ডিজিটেল সংবাদ নামৰূপ:  অহা ২৪ জুলাইত মেঘালয়ৰ ৰাজধানী শ্বিলংত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আন্তঃৰাজ্যিক সীমা বিবাদ নিস্পত্তিৰ সন্দৰ্ভত  আয়োজিত এখন সভাত অংশগ্ৰহণ কৰিব । বিশেষ সুত্ৰে জানিব পৰামতে এই সভাত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য সমূহৰ মাজত চলি থকা সীমা বিবাদ সন্দৰ্ভত আলোচনা কৰা হ'ব। বিশেষকৈ অসম নাগালেণ্ড, অসম মিজোৰাম, অসম অৰুণাচল আদি সীমা সমস্যাৰ বিষয়ে আলোচনাত ঠাই পাব।  সাম্প্ৰতিক কালত ই অসম বাসীৰ বাবে অত্যন্ত  গুৰুত্বপূৰ্ণ সংবাদ। এইক্ষেত্ৰত এটা লাখ টকীয়া প্ৰশ্ন  হৈছে যে অসমৰ নতুনকৈ ঘোষিত দিহিংপাটকাই ৰাষ্ট্ৰীয় উদ্যানত অৰুণাচলীয়ে বেদখল কৰা বিষয়টোৱে এই আলোচনাত  ঠাই পাব নে ?

কাৰণ সমৃদ্ধিশালী বৰ্ষাৰণ্যৰ অৰুণাচলৰ অংশ সমূহত  জধেমধে গছ কটাৰ লগতে বন্য জীৱ-জন্তু বধ কৰি ইতিমধ্যে ধবংস কৰাৰ পাছত এতিয়া অৰুণাচলী লোকৰ চকু পৰিছে অসমৰ বৰ্ষাৰণ্যখনৰ ওপৰত । অসম অৰুণাচল প্ৰদেশৰ সীমান্ত শুকান জুৰিৰ সমীপবৰ্তী দিহিংপাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ জয়পুৰ বনানঞ্চলৰ অধীনস্থ শুকানজুৰি খণ্ড বন কাৰ্যালয়ৰ অন্তৰ্গত নাকফান এলেকাত দীৰ্ঘদিনৰ পৰা অৰুণাচলী লোকে মূল্যবান গছ সমূহ কাটি তহিলং কৰি আহিছে। শেহতীয়াকৈ অঞ্চলটোত বেদখল কৰি অৰুণাচলী লোকে গাঁও স্থাপন কৰাৰ তথ্য পোহৰলৈ আহিছে। অতি সম্প্ৰতি বেদখলকাৰী তথা চোৰাং কাঠৰ ব্যৱসায়ীৰ আৰু  অসমৰ চৰকাৰৰ বনবিভাগৰ মাজত শুকানজুৰিৰ বাসৱনলাত গুলীয়াগুলী সংঘটিত হৈছে ।

এই সংঘৰ্ষৰ ফলত এজনী মাইকী হাতী গুলীবিদ্ধ হৈ মৃত্যু হোৱা ঘটনাও পোহৰলৈ আহিছে । উদ্বেগজনক বিষয় যে অৰুণাচলী কাঠ মাফিয়া তথা বেদখলকাৰী বিলাক সম্পূৰ্ণ অস্ত্ৰ-শস্ত্ৰৰে সজ্জিত হোৱাৰ বাবে বনৰক্ষী বাহিনীও এই অঞ্চলত তহলদাৰী কৰিবলৈ  যোৱাটো অত্যন্ত সংশয় জনক । তথাপি মৰনত শৰণ দি বন কৰ্মীয়ে দায়িত্ব সম্পাদন কৰি আহিছে।  আনহাতে ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰিলেও দিহিংপাটকাইৰ সুৰক্ষা ব্যৱস্থা আজিও সংৰক্ষিত বনানঞ্চলৰ পৰ্যায়তে আছে । আওপুৰণি অস্ত্ৰৰে কেইজনমান বনৰক্ষীয়ে অৰণ্যৰ মাজত গৈ সম্পূৰ্ণ অস্ত্ৰ-শস্ত্ৰৰে সজ্জিত কাঠ মাফিয়াৰ বিৰুদ্ধে যুঁজ দিয়াটো সম্ভৱ নহয়। যাৰ বাবে অৰুণাচলৰ মাফিয়াই এই দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি অসমৰ সমৃদ্ধিশালী বৰ্ষাৰণ্যৰ ধবংস যজ্ঞৰে বেদখল কৰি গাঁও স্থাপন কৰিব পাৰিছে।

অৱশ্যে আন বহুতো আন্তঃৰাজ্যিক সীমা বিবাদ তথা প্ৰতিবেশী ৰাজ্যৰ আগ্ৰাসন,বেদখলৰ দৰে ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া ৰাজহ চক্ৰৰ অধীনস্থ অসম অৰুণাচলৰ সীমাইদি অৰুণাচলীয়ে চলোৱা এই আগ্ৰাসনৰ বিষয়ে বিশেষ চৰ্চা লাভ কৰা নাই । সেয়ে অহা শনি বাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ উপস্থিতিত অনুষ্ঠিত হ'বলগীয়া আন্তঃৰাজ্যিক সীমা বিবাদ সম্পৰ্কীয় সভাত এই বিষয়টোৱে স্থান যে লাভ কৰিব এই আশা ক্ষীণ । গতিকে অসম চৰকাৰে যদি উক্ত আলোচনাত এই বিষয়টো  সজোৰে উত্থাপন কৰিব নোৱাৰে তেনেহ'লে অনাগত দিনত অৰুণাচলী কাঠ মাফিয়া আৰু বেদখলকাৰীৰ হাতত অসমৰ সমৃদ্ধিশালী বৰ্ষাৰণ্যখন নিঃশেষ হৈ যোৱাটো একপ্ৰকাৰৰ নিশ্চিত।

ইয়াৰ ফলত অসম চৰকাৰে নতুনকৈ ঘোষণা কৰা দিহিংপাটকাই ৰাষ্ট্ৰীয় উদ্যানখন কেৱল নামফলকতহে থাকিব। কাৰণ অৰুণাচল প্ৰদেশৰ বহু সমৃদ্ধিশালী বৰ্ষাৰণ্য ইতিমধ্যে ধবংস হৈছে ৰাজ্যখনৰে লোকৰ হাতত । সেয়ে নিজৰ সম্পদ শেষ কৰাৰ পাছত এইবাৰ অৰুণাচলীৰ চকু পৰিছে অসমৰ প্ৰাকৃতিক সম্পদ আৰু ভূমিৰ ওপৰত। এই সময়ত অসম চৰকাৰে হাত সাৱটি বহি থাকিলে অদূৰ ভৱিষ্যতে এই সম্পদ উদ্ধাৰ কৰা যে কেতিয়াও সম্ভৱ নহ'ব সেইটো নিশ্চিত ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in