শেহতীয়া খবৰ
বঙাইগাঁৱত সৰ্বভাৰতীয় পৰ্যায়ৰ শৰীৰচৰ্চা প্ৰতিযোগিতা  •  এজাক বৰষুণতে বুৰ গ'ল স্মাৰ্ট চিটি গুৱাহাটী  •  দেৰগাঁৱৰ আফাজুৰ ৰহমানৰ প্ৰযুক্তিবিদ্যাৰে চমকঃ ঘন্টাত ৩৫ কিলোমিটাৰ বেগী সৌৰশক্তিত চালিত বাহন উদ্ভাৱন  •  দেৰগাঁৱৰ আফাজুৰ ৰহমানৰ প্ৰযুক্তিবিদ্যাৰে চমকঃ ঘন্টাত ৩৫ কিলোমিটাৰ বেগী সৌৰশক্তিত চালিত বাহন উদ্ভাৱন  •  অসমৰ আন এটা সশস্ত্ৰ সংগঠনৰ যুদ্ধবিৰতি ঘোষণা, ওদালগুৰিত ইউজিপিঅ'ই জমা দিলে অস্ত্ৰ-শস্ত্ৰ  •  চন্দ্ৰযান-২ সন্দৰ্ভত ইছৰ’ই কৰিলে টুইট...  •  কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ উদ্যোগত 'বৃহৎ পৰিসৰত গছ পুলি ৰোপণ' কাৰ্যসূচী  •  মডেল বিটিচিত জৰাজীৰ্ণ পথ, ক্ষুব্ধ এবিএমছুৰ কোকৰাঝাৰ-ফুটকিবাৰী পথ অৱৰোধ, ক্ষুৰধাৰ সমালোচনা হাগ্ৰামা-প্ৰমিলাক  •  বলিউডৰ আটাইতকৈ বিগ বাজেট ছবি, ‘ৰাৱণ’ৰ চৰিত্ৰত দেখা পাব পাৰে বাহুবলীক!  •  আমেথিবাসীলৈ কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ উপহাৰ...

কংগ্ৰেছৰ জ্যেষ্ঠ নেতাৰ নিৰ্বাচনী সভাত প্ৰধানমন্ত্ৰী মোডীৰ গুণ গালে যুৱকে, চাওঁক VIDEO

443

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ বাবে সকলো ৰাজনৈতিক দল সাজু হৈছে। তদুপৰি শাসক-বিৰোধীৰ মাজত অভিযোগ-প্ৰতিঅভিযোগো ব্যাহত আছে। এই সকলোবোৰৰ মাজত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দিগ্বিজয় সিঙৰ সৈতে সোমবাৰে সংঘটিত হয় এক অদ্ভূত ঘটনা।

দৰাচলতে, নিৰ্বাচনী প্ৰচাৰৰ বাবে ভুপালৰ বেৰসিয়াত উপস্থিত কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে উপস্থিত ৰাইজক প্ৰশ্ন কৰে যে- আপোনালোকৰ কাৰোবাৰ বেংক একাউণ্টত ১৫ লাখ টকা জমা হৈছে নেকি? দিগ্বিজয় সিঙে ৩-৪ বাৰকৈ এই প্ৰশ্নটো সোধাৰ পাছত এজন যুৱকে হাত দাঙি সেই ধন লাভ কৰা বুলি কয়।

তাৰপাছত ভুপালৰ কংগ্ৰেছৰ প্ৰাৰ্থী দিগ্বিজয় সিঙে যুৱকজনক মঞ্চলৈ আহিবলৈ কয়। তেওঁ কয় যে- ‘তুমি ইয়ালৈ আহা, নিজৰ একাউণ্ট নম্বৰটো লৈ আহিবা। তোমাৰ নাগৰিক অভিনন্দন কৰিম আহা।’ কংগ্ৰেছ নেতীগৰাকীয়ে যুৱকজনক মতাৰ পাছত যুৱকজনো মঞ্চত উপস্থিত হয় আৰু ছাৰ্জিকেল ষ্ট্ৰাইকৰ কথা কয়। যুৱকজনে মাইকটোৰ কাষলৈ অহাৰ লগে লগে কয়- ‘মোডীজীয়ে ছাৰ্জিকেল ষ্ট্ৰাইক কৰাই সন্ত্ৰাসবাদীক মাৰিলে।’ আৰু তাৰপাছত দলটোৰ আন এগৰাকী নেতাই যুৱকজনক মঞ্চৰ পৰা নমাই লৈ যায়।

উল্লেখ্য যে, ভুপাল লোকসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে দিগ্বিজয় সিঙে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। সমষ্টিটোত দিগ্বিজয় সিঙৰ বেৰুদ্ধে নিৰ্বাচনী যুঁজত নামিব বিজেপি প্ৰাৰ্থী সাদ্ধী প্ৰজ্ঞা সিং ঠাকুৰ। অহা ২১ মে’ত উক্ত সমষ্টিটোত অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ পৰ্ব।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি