তৰুণ গগৈৰ বিশেষ ফটো আপোনাৰ ওচৰত আছে নেকি, হোৱাটছআপ কৰক এই নম্বৰত…

তৰুণ  গগৈৰ বিশেষ ফটো আপোনাৰ ওচৰত আছে নেকি, হোৱাটছআপ কৰক এই নম্বৰত…

ডিজিটেল ডেস্ক : প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্মৃতি সংৰক্ষনৰ বাবে নিৰ্মান কৰা হ'ব ডিজিটেল ফটো লাইব্ৰেৰী । এই কথা প্ৰকাশ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ পুত্ৰ তথা সাসংদ গৌৰৱ জ্যোতি গগৈয়ে । কোনো লোকৰ হাতত যদি প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ সৈতে আলোকচিত্ৰ আছে তেনেহ'লে হোৱাটছআপৰ যোগেদি প্ৰেৰণ কৰাৰ আহ্বান জনাইছে গৌৰৱ গগৈয়ে ।

প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ পুত্ৰ গৌৰৱ গগৈয়ে ফেচবুকত লিখিছে যে – "নমস্কাৰ গ্ৰহণ কৰিব ৷ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰদ্ধাৰ তৰুণ গগৈদেৱৰ স্মৃতিত যুগমীয়া কৰাৰ বাবে এটা ডিজিটেল ফটো লাইব্ৰেৰী কৰাৰ মানস কৰিছো ৷ আপোনালোকৰ লগত যদি শ্ৰদ্ধাৰ তৰুণ গগৈদেৱৰ পুৰণি ফটোগ্ৰাফ যদি আপোনালোকৰ লগত যদি আছে, তেন্তে তলত দিয়া ফোন নম্বৰত WhatsApp কৰিবলৈ অনুৰোধ জনাইছো ৷ লগতে আপোনাৰ নাম, ফটোৰ চন, তাৰিখ আৰু স্থানৰ লগতে স্মৃতিখিনি আমাৰ সৈতে শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনাইছো ৷WhatsApp নম্বৰ : +917086016333"

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in