‘অসমীয়া প্ৰতিদিন ডিজিটেল সংস্কৰণ’ৰ বাতৰিৰ তাৎক্ষণিক প্ৰভাৱঃ ওদালগুৰিত জাপানীজ এনকেফেলাইটিছ ৰোগৰ সজাগতা সভা

‘অসমীয়া প্ৰতিদিন ডিজিটেল সংস্কৰণ’ৰ বাতৰিৰ তাৎক্ষণিক প্ৰভাৱঃ ওদালগুৰিত জাপানীজ এনকেফেলাইটিছ ৰোগৰ সজাগতা সভা

ডিজিটেল সংবাদ, ওদালগুৰিঃ সম্প্ৰতি সমগ্ৰ ৰাজ্যখনতে ভয়াবহ ৰূপ ধাৰণ কৰিছে জাপানীজ এনকেফেলাইটিছ ৰোগে। ওদালগুৰি জিলাতো ৬ জনকৈ লোকে এই ৰোগত আক্ৰান্ত হৈছে। ইয়াৰে এজনৰ মৃত্যু হোৱাৰ লগতে আন পাঁচগৰাকী লোক বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছে। ইয়াৰোপৰি জিলাখনৰ বিভিন্ন প্ৰান্তৰ ১২ জনকৈ লোক এই ৰোগত আক্ৰান্ত হোৱাৰ সন্দেহত বিভিন্ন স্থানীয় চিকিৎসালয়ত চিকিৎসাধীন হবলগীয়া হৈছে।

এই সন্দৰ্ভত সবিস্তাৰে তথ্যসহ বাতৰি প্ৰকাশ পাইছিল প্ৰতিদিন ডিজিটেল সংস্কৰণত। প্ৰকাশিত বাতৰিৰ পাছতে তীব্ৰ জোকাৰণিৰ সৃষ্টি হয় জিলা স্বাস্থ্য বিভাগৰ ভিতৰচৰাত। ৰাজ্যিক পৰ্যায়ৰ স্বাস্থ্য বিভাগৰ তৰফৰ পৰাও বিষয়টো গুৰুত্ব সহকাৰে লৈ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়াৰ কথা জানিব পৰা গৈছে। ইয়াৰ পাছতে হঠাৎ তৎপৰ হৈ ফৰে ওদালগুৰি জিলা স্বাস্থ্য বিভাগ।

যিহেতু বাতৰিটোত প্ৰকাশ পাইছিল যে জিলাখনৰ খৈৰাবাৰী-পানেৰী অঞ্চলৰ অধিকাংশ লোক এই ৰোগত আক্ৰান্ত হৈছে। ফলত এই ৰোগবিধৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি মঙলবাৰে ডিমাকুছি অঞ্চলত এক বৃহৎ সজাগতা সভা অনুষ্ঠিত হয়। ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত এই সভাত প্ৰায় পাঁচ শতাধিক লোকে অংশগ্ৰহণ কৰে।

ডিমাকুছি বজাৰত অনুষ্ঠিত হোৱা এই সভাত ভেৰগাওঁ সংমণ্ডলৰ সহকাৰী কমিছনাৰ কুশল কলিতা, ভেৰগাও খণ্ড উন্নয়ন বিষয়া মনোজ বণিয়া, সহকাৰী মেলেৰিয়া বিষয়া যতীন ৰাভা, ডাঃ জয় প্ৰকাশ শৰ্মা, নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ ওদালগুৰি জিলাৰ উপ সভাপতি লাচিত চন্দ্ৰ বড়ো, এবছুৰ ডিমাকুছি আঞ্চলিকৰ সভাপতি মনোজ বসুমতাৰী, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জিলা প্ৰকল্প বিষয়া নোমাল সিং বৰগয়াৰী, জিলা মিডিয়া বিশেষজ্ঞ মধুস্মিতা বৈশ্য, খৈৰাবাৰী প্ৰাথমিক স্বাস্থ্য খণ্ডৰ প্ৰকল্প বিষয়া অৰ্চনা চহৰীয়াৰ আদিৰ লগতে অঞ্চলটোৰ অগ্ৰণী ব্যক্তি সকল উপস্থিত থাকে।

উল্লেখযোগ্য যে এই সভাত জাপানীজ এনকেফেলাইটিছ ৰোগৰ কাৰণ তথা লক্ষণসমূহৰ বিষয়ে ৰাইজক বিতংভাবে জনোৱা হয়। লগতে এই ৰোগৰ পৰা নিজকে সুৰক্ষিত ৰখাৰ উপায় তথা চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপ সন্দৰ্ভতো ৰাইজক অৱগত কৰোৱা হয়। জিলা স্বাস্থ্য বিভাগৰ ভিতৰুৱা এক সূত্ৰ‌ই জানিবলৈ দিয়া মতে মঙ্গলবাৰৰ পৰা ওদালগুৰিৰ জাপানী এনকেফেলাইটিছৰ ডেঞ্জাৰ জ'ন হিচাপে চিহ্নিত অঞ্চলত ফগিং বাহনৰ দ্বাৰা ধোঁৱা দিয়াৰ ব্যৱস্থা কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in