ভাল খবৰ! ‘অসমীয়া প্ৰতিদিন’ৰ ডিজিটেল সংস্কৰণৰ ‘সাহিত্য সন্ধান’ শীৰ্ষক চুটি গল্প প্ৰতিযোগিতা

ভাল খবৰ! ‘অসমীয়া প্ৰতিদিন’ৰ ডিজিটেল সংস্কৰণৰ ‘সাহিত্য সন্ধান’ শীৰ্ষক চুটি গল্প প্ৰতিযোগিতা

ডিজিটেল ডেস্কঃ নব্য মাধ্যমত সাহিত্যচৰ্চা কৰা সকলক উদগনি দিয়াৰ বাবে 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণে আয়োজন কৰিছে 'সাহিত্য সন্ধান' শীৰ্ষক এক চুটি গল্প প্ৰতিযোগিতা। এবছৰ ধৰি চলিব লগা এই চুটি গল্প প্ৰতিযোগিতাই ৰাজ্যৰ সাহিত্য চৰ্চা কৰা বহু নবীন-প্ৰবীন প্ৰতিভাক দিব বিশেষ মঞ্চ।

প্ৰতিটো সপ্তাহত নিৰ্বাচিত দুটাকৈ চুটি গল্প প্ৰকাশ কৰা হ'ব 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণত। তাৰ পৰা নিৰ্বাচিত মাহৰ তিনিটা শ্ৰেষ্ঠ চুটি গল্প 'অসমীয়া প্ৰতিদিন'ৰ দেওবৰীয়া আলোচনী 'সম্ভাৰ' আৰু মূল কাকতখনৰ সাহিত্যৰ পৃষ্ঠাত প্ৰকাশৰ দিহা কৰা হৈছে। মাহটোৰ নিৰ্বাচিত শ্ৰেষ্ঠ তিনিটাৰ গল্পকাৰক পুৰস্কৃত কৰা হ'ব।

তাৰ পাছত বছৰটোত নিৰ্বাচিত ৩৬টা চুটি গল্পৰে প্ৰকাশ কৰা হ'ব এখন চুটি গল্প সংকলন। ২০ ছেপ্টেম্বৰৰ পৰা এই চুটি গল্পৰ প্ৰতিযোগিতাৰ শুভাৰম্ভ হ'ব। ইচ্ছ্যুক গল্পকাৰে তেওঁলোকৰ গল্পসমূহ নিম্ন উল্লেখিত হোৱাটছএপ নম্বৰত প্ৰেৰণ কৰিব পাৰিব। চুটি গল্প প্ৰতিযোগিতাখনৰ নিয়মালীসমূহ হ'ল-

১. চুটি গল্পসমূহ সৰ্বাধিক ৬০০ শব্দৰ ভিতৰত হ'ব লাগিব।

২. চুটি গল্পসমূহ নিৰ্বাচনৰ ক্ষেত্ৰত 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কৰ সিদ্ধান্তই হ'ব চূড়ান্ত সিদ্ধান্ত।

৩. এবাৰ কোনো লিখকৰ চুটি গল্প নিৰ্বাচিত হ'লে, দ্বিতীয়বাৰ তেওঁৰ গল্প পুনৰ নিৰ্বাচন কৰা নহয়।

৪. ইউনিক'ডত চুটি গল্পসমূহ লিখি হোৱাটছএপত প্ৰেৰণ কৰিব লাগিব।

৫. চুটি গল্পসমূহৰ সৈতে লিখকৰ চমু পৰিচয়, ঠিকনা, ফটো, যোগাযোগ নম্বৰ থাকিব লাগিব।

৬. পুৰস্কাৰপ্ৰাপ্ত চুটি গল্পসমূহ অন্য কোনো কাকত-আলোচনীত প্ৰকাশ কৰিব নোৱাৰিব।

৭. পূৰ্বতে কতো প্ৰকাশ নোহোৱা চুটি গল্পহে প্ৰতিযোগিতাৰ বাবে বিবেচিত হ'ব। এই নিয়ম ভংগ কৰিলে পুৰস্কাৰপ্ৰাপ্ত চুটি গল্পসমূহ প্ৰতিযোগিতাৰ বাবে অযোগ্য ঘোষণা কৰা হ'ব।

৮. পুৰস্কাৰপ্ৰাপ্ত গল্পকাৰ সকলে 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কৰ সৈতে যোগাযোগ কৰি পুৰস্কাৰসমূহ সংগ্ৰহ কৰিব পাৰিব।

৯. চুটি গল্পসমূহ প্ৰেৰণৰ বাবে ব্যৱহাৰ কৰিব পৰা হোৱাটছএপ নম্বৰ কেইটা হ'ল- ৬০০১১-৪৭১১৬, ৮৮৭৬৬-৩৫৮৭২, ৯৯৫৪৫-৪৪৪৫০।

১০. চুটি গল্পসমূহ যিকোনো এটা হোৱাটছএপ নম্বৰত এবাৰে প্ৰেৰণ কৰিব।

১১. চুটি গল্প প্ৰতিযোগিতাৰ মাহেকৰ ফলাফল 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণতেই প্ৰকাশ কৰা হ'ব।

১২. সপ্তাহত নিৰ্বাচিত চুটি গল্প দুটা প্ৰথম প্ৰকাশ পাব 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণতেই।

১৩. ডাকযোগে প্ৰেৰণ কৰা চুটি গল্পসমূহ গ্ৰহণ কৰা নহ'ব।

১৪. চুটি গল্পসমূহ পূৰ্বতে ক'তো প্ৰকাশ নোহোৱা বুলি গল্পকাৰে নিশ্চিয়তা দিব লাগিব।

১৫. চুটি গল্পসমূহ প্ৰকাশ কৰা বা নকৰাৰ সন্দৰ্ভত ব্যক্তিগতভাৱে কোনো যোগাযোগ ৰক্ষা কৰা নহয়।

১৬. চুটি গল্প প্ৰতিযোগিতাৰ সবিশেষ পৰ্যায়ক্ৰমে 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণতেই জনাই থকা হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in