ডিব্ৰুগড় বিশ্ববিদ্যালয়ত চেতনাৰ শতবৰ্ষ বক্তৃতানুষ্ঠান সম্পন্ন

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত চেতনাৰ শতবৰ্ষ বক্তৃতানুষ্ঠান সম্পন্ন

ডিজিটেল সংবাদ, লাহোৱালঃ আজিৰ পৰা এশ বছৰ পূৰ্বে অসম আৰু অসমীয়া জাতীয় জীৱনৰ বাবে চিৰস্মৰণীয় ব্যক্তি চন্দ্ৰনাথ শৰ্মা আৰু অম্বিকাগিৰী ৰায়চৌধুৰীৰ বলিষ্ঠ নেতৃত্ব তথা সম্পাদনাত চেতনা নামৰ আলোচনী খনৰ জন্ম হৈছিল। অসমৰ প্ৰথমখন আলোচনী, বাতৰি কাকত অৰুনোদইৰ প্ৰকাশ হোৱাৰ পৰৱৰ্তী সময়ত প্ৰকাশ পোৱা এইখন আলোচনীয়ে অসম আৰু অসমীয়া জাতীয় জীৱনৰ বাবে সেৱা আগবঢ়াই যোৱাৰ লগতে ভাৰতীয় স্বাধীনতা আন্দোলনত অসম আৰু অসমীয়া ভূমিকা, অসমীয়া জাতিৰ সামাজিক, সাংস্কৃতিক, অৰ্থনৈতিক তথা ধৰ্মীয় নীতিৰ লগতে দেশ বিদেশৰ বিভিন্ন ঘটনা ৰাজ্যিক এইখন আলোচনীয়ে বিশেষ ভাৱে গুৰুত্ব প্ৰদান কৰাই নহয় প্ৰতিগৰাকী লোককে দেশ মাতৃৰ প্ৰতি সেৱা আগবঢ়াবলৈ উদ্বুদ্ধ কৰি তুলিছিল। এই দুগৰাকী স্বনামধন্য সম্পাদক তথা সাহিত্যিকে এশ বছৰ আগতেই কৰি থৈ যোৱা বহু কথা, বিষয় আজিও আখৰে আখৰে পৰিলক্ষিত হোৱা দেখিবলৈ পোৱা যায়। অসমৰ বিশিষ্ট সাহিত্যিক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ নগেন শইকীয়াই মঙলবাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ উদ্যোগত অনুষ্ঠিত হোৱা চেতনাৰ শতবৰ্ষ উপলক্ষে অনুষ্ঠিত হোৱা বিশেষ বক্তৃতানুষ্ঠানৰ শুভ উদ্বোধন কৰি এইদৰে গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ উদ্যোগত অনুষ্ঠিত হোৱা এই বক্তৃতানুষ্ঠানৰ সভাপতিত্ব কৰে শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ আসনৰ অধ্যাপিকা ডঃ জাহ্নৱী গগৈ নাথে। চেতনা শতবৰ্ষ অনুষ্ঠান উপলক্ষে অনুষ্ঠিত হোৱা এই বক্তৃতা প্ৰদান কৰে চেতনা আলোচনী একত্ৰে সংকলিত কৰি সম্পাদনাৰ দৰে গুৰু দায়িত্ব বহন কৰা গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ পৰমানন্দ মজুমদাৰে। তেখেতে চেতনা আলোচনীখনক সংগ্ৰহ কৰি একত্ৰিত কৰি পাঁচটা খণ্ডত প্ৰকাশ কৰা কথাখিনি কোৱাৰ লগতে আলোচনীখনত অন্তৰ্ভুক্ত হোৱা সম্পাদকীয়, অসমীয়া সাহিত্য জগতখনৰ বিশিষ্ট সাহিত্যিক সকলৰ সমসাময়িক লেখা আৰু এইবোৰৰ গুৰুত্ব সম্পৰ্কে অতি সুন্দৰ আৰু তথ্য সহকাৰে উপস্থাপন কৰে।

চেতনা আলোচনীখনে অসমীয়া সাহিত্য, সমাজ, সংস্কৃতিৰ তথা অন্যান্য ক্ষেত্ৰত কিদৰে প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল তাকো ডঃ মজুমদাৰে তথ্যসহ উল্লেখ কৰে। অনুষ্ঠানটোত অসমীয়া বিভাগৰ মূৰব্বী অধ্যাপক ডঃ নব কুমাৰ সন্দিকৈয়েও চেতনা আলোচনীৰ গুৰুত্ব সম্পৰ্কে নিজৰ শুভেচ্ছা মূলক বক্তব্যত প্ৰকাশ কৰে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহঃ অধ্যাপক সাহিত্য অকাডেমি যুৱ বঁটা বিজয়ী সাহিত্যিক সঞ্জীৱ পল ডেকা, কবি, সাহিত্যিক ডঃ প্ৰাণজিত বৰা, পদাৰ্থ বিজ্ঞান বিভাগৰ সহঃ অধ্যাপক, গল্পকাৰ ডঃ কল্যান কুমাৰ ভূঞা, বিশ্ববিদ্যালয়ৰ প্ৰকাশন বিভাগৰ প্ৰকল্প ৰঞ্জন ভাগৱতীয়েও চেতনা শতবৰ্ষ বক্তৃতানুষ্ঠানত নিজৰ নিজৰ মনৰ ভাব ব্যক্ত কৰে।

ডঃ নগেন শইকীয়াই ডঃ পৰমানন্দ মজুমদাৰক পৰৱৰ্তী সময়ত চেতনাৰ বচা বচা কিছু শ্ৰেষ্ঠ প্ৰবন্ধ একত্ৰিত কৰি প্ৰকাশৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগে আগভাগ লবলৈ আহ্বান জনাই আৰু বক্তা সকলে পৰৱৰ্তী সময়ত ইয়াৰ উচিত সিদ্ধান্ত গ্ৰহণ কৰিব বুলিও উল্লেখ কৰে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মূৰব্বী অধ্যাপক ডঃ চন্দন কুমাৰ শৰ্মাই আদৰণি আৰু শলাগ জনোৱা অনুষ্ঠানটোত চেতনাৰ সম্পাদকীয়ত প্ৰকাশ পোৱা এটা লেখা কিয়দাংশ পাঠ কৰাৰ পাছতে ভাৰতীয় সংবিধান দিৱস উপলক্ষে সংবিধানৰ প্ৰস্তাৱনা সমজুৱা পাঠেৰে অনুষ্ঠানটো সামৰা হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in