অসম আন্দোলনৰ পিছত আকৌ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰই তেজেৰে লিখিলে প্ৰতিবাদী শ্ল’গান…

অসম আন্দোলনৰ পিছত আকৌ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰই তেজেৰে লিখিলে প্ৰতিবাদী শ্ল’গান…

ডিজিটেল সংবাদ, ডিব্ৰুগড়: অসমৰ উচ্চ শিক্ষাৰ অন্যতম প্ৰাণকেন্দ্ৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে সোমবাৰে বিশ্ববিদ্যালয়ৰ খৰ্গেশ্বৰ তালুকদাৰ খেল পথাৰত সাব্যস্ত কৰে ব্যাপক প্ৰতিবাদ। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে দীৰ্ঘদিন প্ৰতিবাদ সাব্যস্ত কৰি অহা বিশ্ববিদ্যালয়খনৰ ছাত্র-ছাত্ৰীসকলে সোমবাৰে প্ৰতিবাদ সাব্যস্ত কৰি জাতিধ্বংসী বিধেয়কখনৰ বিৰুদ্ধে সকলো লোকে ওলাই অহাৰ সময়টো বিজেপিয়ে নেদেখাৰ ভাও জুৰি থকা বুলি মন্তব্য কৰে।

আজিৰ প্ৰতিবাদী কাৰ্যসূচী হাতত লয় ডিব্ৰুগড় বিশ্ববিদ্যালয় আছু গোট, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলাৰ ছাত্ৰ একতা সভা, ডিব্ৰুগড় বিশ্ববিদ্যালয় গৱেষক সন্থা, বিষয়া সন্থা আৰু কৰ্মী সন্থাই। বিধেয়কৰ বিৰুদ্ধে লোৱা এই প্ৰতিবাদী কাৰ্যসূচীত ১৬ জনকৈ ছাত্ৰই তেজেৰে বিধেয়কখনৰ বিৰুদ্ধে শ্ল'গান লিখি প্ৰতিবাদ সাব্যস্ত কৰে৷

উক্তসভাত উপস্থিত থাকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সমূহ ছাত্ৰাবাসৰ অধীক্ষক ডঃ পল্লৱী ডেকা বুজৰবৰুৱা, সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্য নিৰ্বাহক উদ্দীপ জ্যোতি গগৈ, বিশিষ্ট অধিবক্তা উপমন্যু বৰুৱা, সদৌ মৰান ছাত্ৰ সন্থাৰ সভাপতি অৰুণ জ্যোতি মৰান, অসম জাতীয়তাবাদী যুৱ পৰিষদৰ সাধাৰণ সম্পাদক উদয়ন কুমাৰ গগৈ, ডিব্ৰুগড় জিলা ছাত্র সন্থাৰ সভাপতি শংকৰ জ্যোতি বৰুৱা প্ৰমুখ্যেবহু কেইটা জনগোষ্ঠীয় সংগঠনৰ প্ৰতিনিধি৷

সকলো লোকে চৰকাৰৰ এই জাতিধ্বংসী সিদ্ধান্ত পৰিহাৰ কৰি জনতাৰ স্বাৰ্থত মত দিবলৈ আহ্বান জনায়। সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে যোগ দিয়া এই প্ৰতিবাদী কাৰ্যসূচীত ভাগ লৈ ছাত্র-ছাত্ৰীসকলেও নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদী শ্ল'গানৰে চৰকাৰক তীব্র ভাষাৰে সমালোচনা কৰে। সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্য নিৰ্বাহক উদ্দীপ জ্যোতি গগৈয়ে সোমবাৰৰ এই কাৰ্যসূচীত ভাগ লৈ চৰকাৰক কটাক্ষ কৰি কয় যে, অসমৰ ৰাইজক পৰিৱৰ্তনৰ সপোন দেখুৱাই বিজেপিয়ে এতিয়া সকলোকে ঠগিছে। জাতিৰ সন্ধিক্ষণত জাতিৰ বিৰুদ্ধে থিয় দিছে বিজেপি।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সমূহ ছাত্ৰাবাসৰ অধীক্ষক ডঃ পল্লৱী ডেকা বুজৰবৰুৱাই ভাষণ প্ৰদান কৰি একালৰ ছাত্র সৰ্বানন্দ সোণোৱালক উদ্দেশ্য কৰি কয় যে, নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সমগ্র ৰাজ্যবাসী জাঙুৰ খাই উঠিছে। এনেস্থিতিত মুখ্যমন্ত্ৰী তথা একালৰ তেওঁৰ ছাত্ৰজনে যদি ৰাইজৰ কণ্ঠ তথা ছাত্র-ছাত্ৰীৰ ৰক্তৰ মূল্য নুবুজে তেতিয়া বুজিব কোনে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in